
নগাঁও : নগাঁও পৌৰসভাৰ এলেকাৰ ২৬টা ৱাৰ্ডৰ নাগৰিকক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰে ‘অমৰুত’ আঁচনিৰ অধীনত ২৩৯ কোটি টকা ব্যয় সাপেক্ষে নগাঁও নগৰ পানী যোগান প্ৰকল্পৰ কাম হাতত লয়। চহৰখনৰ পৌৰসভাৰ এলেকাৰ প্ৰতিটো মুখ্য পথ, উপপথ আৰু শাখাপথ সামৰি মুঠ ২১৪ কিলোমিটাৰ পথৰ বাসিন্দা সকলে এই পানী যোগান আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হ’ব।
উল্লেখ্য, বিগত বৰ্ষৰ ১ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগাঁও নগৰ পানী যোগান প্ৰকল্প আধাৰশিলা স্হাপন কৰিছিল। নগাঁও চহৰৰ হৰিজন কলনী, উত্তৰ হয়বৰগাঁও আৰু ফৌজদাৰীপট্টিত পূৰ্বৰ পৰা থকা তিনিটা পানীৰ ৰিজাৰ্ভাৰৰ উপৰি আমোলাপট্টি শ্মশান, হয়বৰগাঁও শ্মশান আৰু মৰিকলং অঞ্চলত নতুনকৈ আন তিনিটা ৰিজাৰ্ভাৰ নিৰ্মাণ কৰা হ’ব। নগাঁও পৌৰসভাৰ আমোলাপট্টি অঞ্চলৰ ৮নং ৱাৰ্ডত নগাঁও নগৰ পানী যোগান প্ৰকল্পৰ পানী পাইপ সংস্থাপনৰ কামৰ আজি শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । পাইপ সংস্হাপন কামৰ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে কয় যে নগাঁও চহৰৰ বাসিন্দা সকলে এই প্ৰকল্পৰ জৰিয়তে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হ’ব। নগাঁও চহৰত দীৰ্ঘদিন ধৰি চলি থকা বিশুদ্ধ খোৱাপানীৰ সমস্যা এই আঁচনিৰ জৰিয়তে স্হায়ীভাৱে সমাধান হ’ব। বৰ্তমানৰ চৰকাৰখনে জনস্বাস্হ্যৰ প্ৰতি লক্ষ্য ৰাখি বিশুদ্ধ খোৱাপানী যোগানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
আনহাতে কৰ’না মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ বাবে এই প্ৰকল্পৰ কাম আৰম্ভ কৰাত কিছু পলম হয় যদিও শেহতীয়াকৈ এই কাম খৰতকীয়া কৰাৰ ওপৰত গুৰুত্ব দিয়া বুলিও বিধায়কগৰাকীয়ে কয় । ২০২২ বৰ্ষৰ জুন মাহৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।
আনহাতে ২৩৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগা বিশুদ্ধ পানী যোগান আঁচনিখনৰ জৰিয়তে নগাঁও চহৰবাসী উপকৃত হোৱাৰ লগতে নগাঁও চহৰৰ আধুনিকীকৰণৰ দিশত আন এক মাত্ৰা প্ৰদান কৰিব বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে লগতে কয় যে এনে এক আঁচনি ৰূপায়ণৰ উদ্যোগ লবলৈ পায় মই নিজে সন্তুষ্টি লাভ কৰিছো। এই আঁচনিখনে অনাগত পঞ্চাশ বছৰলৈকে নগাঁও চহৰত খোৱা পানীৰ অভাৱ দূৰ কৰিব বুলিও বিধায়কগৰাকীয়ে মত পোষণ কৰে। পানীৰ পাইপ সংস্থাপন কামৰ উদ্ধোধনী অনুষ্ঠানত নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, নগাঁও পৌৰসভাৰ অভিযন্তা ৰাজেশ দাস, ৮নং ৱাৰ্ডৰ প্ৰাক্তন মহলা আয়ুক্ত সীমান্ত বৰাৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে।












