![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
আছুত চলিছে একনায়ত্ববাদ ৰাজত্ব; বৰ্তমানৰ সভাপতি দিপাংক নাথে আছুত একনায়ত্ববাদ চলোৱাৰ দৰে এক অভিযোগ উঠিছে। আছুৰ পৰা পদত্যাগ কৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য সীমান্ত ঠাকুৰীয়াই উত্থাপন কৰিছে এই অভিযোগৰ। নিৰ্ধাৰিত সময়ৰ পূৰ্বে স্ব-ইচ্ছাৰে সভাপতিয়ে নিৰ্দেশ প্ৰদান কৰাৰ লগতে সীমান্ত ঠাকুৰীয়াই নিজ দলত ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যও এলাগী হোৱাৰ কথা প্ৰকাশ কৰে ।
আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈৰ ওপৰত সংবিধান উলংঘাৰ আৰোপ লগাই দিপাংক নাথে আছুৰ কৰ্মকতাৰ ওপৰত মানসিক অত্যাচাৰ কৰা বুলিও অভিযোগ দিয়ে ঠাকুৰীয়াই। যাৰ বাবে আছুৰ পৰা এলাগী হৈছে ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য।
আছুৰ মজিয়াৰ পৰা নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল অসম জাতীয় পৰিষদ গঠনৰ সময়ত ছাত্ৰ সন্থাৰ মাজত আলোচনা নোহোৱাৰ কথাও প্ৰকাশ কৰিছে প্ৰাক্তন কৰ্মীজনে। কা’ আন্দোলন ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে দীপাংক নাথ আৰু লুৰিণ জ্যোতি গগৈৰ বিৰুদ্ধে। নতুন দল গঠনৰ পিছত এজনৰ পিছত আন এজন আছুৰ কেন্দ্ৰীয় কমিটীৰ নেতা পদত্যাগ কৰাকলৈ এতিয়া সকলোৱে মাজত চলিছে চৰ্চা।












