
ডিফু : পাহাৰীয়া জিলা কাৰবি আংলঙৰ ডিফুত সংঘটিত অলৌকিক ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফুৰ লুৰুলাংচত আজি পুৱাৰে পৰা এটা ষ্ট্ৰীট লাইট পষ্টৰ তলৰ পৰা গেছ নিৰ্গমণ হোৱাক লৈ এলেকাটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷ পুৱা প্ৰাতঃ ভ্ৰমণলৈ ওলায়েই বিদ্যুত সংযোগ বৰ্তমানলৈ নোহোৱা এটা খুঁটাৰ তলৰ পৰা ধোঁৱা ওলাই থকা দেখি লুৰুলা’চলত চাঞ্চল্যৰ সৃষ্টি হয় ৷
বিদ্যুত খুঁটাটোৰ তলৰ পৰা এটা শব্দ কৰি পুৱাৰে পৰা ধোঁৱা নিৰ্গত হৈ আছে ৷ কি কাৰণে এনে হৈছে তাক লৈ সকলো উদ্বিগ্ন ৷ তলত চূণশিল থাকিলেও ইমান বছৰে এইদৰে গেছ নিগমণ হোৱা নাছিল ৷ সেয়ে ডিফু নগৰৰ লুৰুলা’চৰ ৰাইজে বিষয়টো ভূতত্বতবিদেহে ক’ব পাৰিব বুলি মত ব্যক্ত কৰিছে৷












