
মনোজ কুমাৰ পাঠক
লংকা : এগৰাকী ৮০ বছৰীয়া বৃদ্ধ ব্যক্তি ৷ নাম তেওঁৰ পৰেশ সূত্ৰ পাল ৷ ৰে’ল নগৰী লামডিঙত এইজন ৮০ বছৰীয়া মৃৎ শিল্পীয়ে সম্প্ৰতি দেৱী দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰাত ব্যস্ত ৷ জীৱন কালৰ প্ৰায় ৬৫ বছৰে মৃৎ শিল্পী পৰেশ পালে দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণ কৰি আহিছে ৷ লামডিঙৰ মৃৎ শিল্পীসকলৰ মাজত সকলোৰে মাজত আপোন পৰেশ পাল দেৱৰ নামটো ৷ আগন্তুক শাৰদীয় দুৰ্গো উৎসৱ, পূজালৈয়ো মাজত মাত্ৰ আঠটা দিনহে বাকী ৷ ক’ৰনা মহামাৰী সময়চোৱাত চৰম বিপাঙত পৰিছে এইসকল মৃৎ-শিল্পী ৷ চৰকাৰী নিৰ্দেশ অনুসৰি লামডিঙত এইবাৰ পূজাৰ প্ৰতিমা আগৰ তুলনাত তেনেই কম ৷
ইফালে লকডাউনৰ কালচোৱাত মৃৎ শিল্পীসকলৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ ৷ একমাত্ৰ মৃৎ-শিল্পকেই উপাৰ্জনৰ পথস্বৰূপে বাছি লৈ পৰিয়াল পোহপাল দি আহিছে ৷ বহুবাৰ চৰকাৰক তেওঁলোকৰ সমস্যাৰ বিষয়ে জনাইছে যদিও আজি পৰ্যন্ত এইসকল শিল্পীই কোনো ধৰণৰ সুবিধা লাভ নকৰিলে ৷ মহামাৰী আতংকৰ মাজতেই দেৱী আগমনে এতিয়া উৎসৱময় পৰিবেশ বিৰাজ কৰিছে ৷
আৰ্থিক দিনত ভাগি পৰাৰ মাজতেই দেৱী-দুৰ্গাক আদৰাৰ প্ৰস্তুতি চলাইছে মৃন্ময় খনিকৰ পৰেশ পালৰ লগতে লামডিঙৰ সকলো প্ৰতিমা খনিকৰ মৃন্ময় শিল্পীসকলে ৷ পূজাৰ প্ৰাকক্ষণত কম-বেছি পৰিমানে দিনে নিশাই মৃন্ময় শিল্পীসকল ব্যস্ত এতিয়া দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ৷ বছৰ বছৰ ধৰি লামডিঙৰ এইসকল মৃন্ময় শিল্পীৰ হাতৰ পৰশত প্ৰতিখন পূজা মণ্ডপৰ প্ৰতিমাসমূহে প্ৰাণ পাই উঠে যদিও এইবাৰ পূজা মণ্ডপসমূহ নিমাওমাও পৰিবেশে বিৰাজ কৰিব।











