ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সদ্য গঠিত মুছলিম ছাত্ৰ সন্থাৰ চমুকৈ মুছাৰ কাৰবি আংলং জিলা সমিতিৰ শীৰ্ষ নেতৃ বৰ্গই মুছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আশিক ৰাব্বানীৰ সৈতে এক বৈঠকত মিলিত হয় ৷ যোৱা মঙলবাৰে মৰিগাওঁ জিলাৰ মৈৰাবাৰীত মুছলিম ছাত্ৰ সন্থা অসম (মুছা) কেন্দ্ৰীয় সমিতিৰ সম্পাদক আশিক ৰাব্বানী লগতে কাৰবি আংলং জিলা সমিতিৰ সভাপতি আব্দুল জাবেদ সাংগঠনিক বিষয়ত আলোচনাত মিলিত হয়।
মানৱতাৰ সপক্ষে থাকি কাৰবি আংলঙ জিলাত শংকৰ-আজানৰ শ্ৰেষ্ঠ নিদৰ্শনৰ মাজেৰে জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সম্প্ৰীতি বজাই ৰাখি অন্যায়, বাল্য বিবাহ, অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে সংগ্ৰাম চলাই নিয়াৰ আহ্বান জনায় মুছলিম ছাত্ৰ সন্থা অসম (মুছা) কেন্দ্ৰীয় সমিতিৰ সম্পাদক আশিক ৰাব্বানীয়ে । আলোচনা চক্ৰত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থা অসম (মুছা) কেন্দ্ৰীয় সমিতিৰ সম্পাদক আশিক ৰাব্বানী লগতে কাৰবি আংলং জিলা সমিতিৰ সভাপতি আব্দুল জাবেদ, মুছলিম ছাত্ৰ সন্থা অসম (মুছা) মৰিগাওঁ জিলা সমিতিৰ উপ-সভাপতি জহিৰুল ইছলাম, নগাওঁ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক আশ্বাদুল ইছলাম।













