লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত কাকীত এখন পিছপৰা গাঁও। চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কাকীৰ ৰামপুৰ আদিবাসী গাঁওখনৰ ৰাইজৰ ৰাস্তা-ঘাট, বিশুদ্ধ খোৱা পানীকে ধৰি গাঁওখনৰ অন্তহীন সমস্যা। গাঁওখনত উপস্থিত হৈ ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ লগতে গাঁওবাসীৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে লামডিং তথা অসমৰ জনপ্রিয় শিল্পী জয় চক্ৰৱৰ্তী আৰু তেওঁৰ পত্নী বিৰিনা পাঠকে।