
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ভিড পৰ্টকল পালন কৰি দুৰ্গা পূজা আয়োজন কৰা আহ্বান কামৰূপ(ম) জিলা প্ৰশাসনৰ। ক’ভিড পৰিস্থিতি আমাৰ মাজত চলি আছে। তাৰ বিৰুদ্ধে যুজঁ চলি থাকিব। নিয়ম-নীতি পালন কৰি দুৰ্গা পূজা পালন কৰিম- এই মন্তৱ্য কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু।
ইফালে পূৰ্ব দৰে দশমী আৰু তাৰ পাছদিনা কামৰূপ(ম) জিলাত ঘোষণা হ’ব ড্ৰাই ডে’। স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি পূজাৰী-পূজা কমিটিয়ে কৰিব লাগিব ক’ভিড টেষ্ট। পূজা এদিন আগত আৰু পূজা শেষ হোৱাৰ পাছত বাধ্যতামূলক টেষ্ট কৰিব লাগিব।
পূজা সময়ছোৱাত আইন-শৃংখলা অটুট ৰখা বাবে জিলা প্ৰশাসন সাজু হৈ থকা বুলিও উল্লেখ কৰে উপায়ুক্ত পেগুৱে।
দেৱী বিসৰ্জনৰ বাবে পূৰ্ব বছৰৰ ঘাটসমূহ সাজু কৰি তোলা বুলি জানিব দিয়ে তেওঁ। বিসৰ্জন স্থলীত এনডিআৰএফ, এছডিআৰএফ সকলো সাজু হৈ থাকিব।
গুৰুত্বপূৰ্ণ কথা যে পূৰ্ব বৰ্ষসমূহৰ তুলনাত গুৱাহাটী মহানগৰীত হ্ৰাস পাব দুৰ্গা পূজা সংখ্যা। পূজা কমিটিসমূহক আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে কয়- অতিৰিক্ত ভাৱে এজন পুৰোহিত কমিটিসমূহে ৰখাৰ ব্যৱস্থা কৰক।যদি মূল পুৰোহিতজন ক’ভিড আক্রান্ত হয় তেতিয়া অতিৰিক্ত পুৰোহিতগৰাকীয়ে সম্পাদন কৰিব পূজা।
কামৰূপ(ম) জিলা উপায়ুক্ত কাৰ্যলয়ত পূজা কমিটিসমূহৰ সৈতে আলোচনাত মিলিত হোৱা পাছত এই মন্তৱ্য প্ৰকাশ কৰে পেগুৱে।












