ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও: আজি পুৱা নগাঁও চহৰৰ কলংপাৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰৰ পিছফালে থকা কলঙৰ পাৰত এগৰাকী যুৱতীয়ে আত্মহননৰ চেষ্টা চলোৱা ঘটনাই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিচেই সমীপতে থকা মন্দিৰটোৰ পিছফালে এগৰাকী যুৱতীয়ে অকশ্মাতে বিষ পান কৰি আত্মহত্যাৰ চেষ্টা চলায়।
এই দৃশ্য প্ৰত্যক্ষ কৰি মন্দিৰৰ সেৱা কৰ্মী সকলে ১০৮ সেৱাক খবৰ দিয়াত ১০৮ সেৱাই যুৱতী গৰাকীক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই।
যুৱতী গৰাকীয়ে কি পৰিস্থিতিত কিয় আত্মহননৰ পথ চলাইছিল সেৱা বৰ্তমানলৈকে জনা হোৱা নাই। যুৱতী গৰাকীৰ ঘৰ নগাঁও চহৰৰ সমীপৰ শিয়ালমাৰী টেটুলগুৰি অঞ্চলৰ বুলি জানিব পৰা গৈছে। তদুপৰি যুৱতী গৰাকী নগাঁও চহৰৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত।













