
অসম আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ অন্যতম অভিযুক্ত কৰিমগঞ্জ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক অৱশেষত গ্ৰেপ্তাৰ। আৰক্ষী সঞ্চালকৰ কাৰ্যলয়ত আত্মসমৰ্পন কৰা পাছত অধীক্ষকগৰাকীক জি পি সিঙে দীৰ্ঘ সময় জেৰা অন্তত গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। ইতিমধ্যে জিপি সিঙৰ নেতৃত্বত আৰক্ষী এটা বৃহৎ দলে চিআইডি কাৰ্যালয়লৈ লৈ গৈছে।
উল্লেখ আজি দিনৰ ১১ বজাত উলুবাৰীস্থিত আৰক্ষী সঞ্চালন প্ৰধানৰ কার্যায়ত উপস্থিত হৈছিল কৃষ্ণ। কনফাৰেন্স হ’লত বিষয়াগৰাকীক চলোৱা হয় জেৰা। কৃষ্ণক গ্ৰেপ্তাৰ সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। গুৰুত্বপূৰ্ণ এই যে বুধবাৰে চিআইডি কাৰ্যালয়লৈ তলব কৰিছিল আৰক্ষী বিষয়া কৃষ্ণক। কিন্তু উপস্থিত হোৱা নাছিল। ইফালে কৃষ্ণক গ্ৰেপ্তাৰ পূৰ্বে দিছপুৰত বৈঠকত মিলিত হৈছিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।













