
ৰাজ্যৰ নিয়োগ ইতিহাসত ক’লা অধ্যায় সৃষ্টি কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত বিক্ৰী হৈছিল ৪০ লাখ টকাত! ৪০ লাখৰ বিনিময়ত ৰুবুল হাজৰিকাৰ সৈতে কলংকিত এছপি কুমাৰ সঞ্জিত কৃষ্ণই প্ৰশ্নকাকতৰ চুক্তি কৰিছিল৷ কুমাৰ সঞ্জয় কৃষ্ণই ৰুবুল হাজৰিকাৰ পৰা এই ধন লৈছিল কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ বাংলোত৷ চিআইডিৰ জেৰাত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, গুৱাহাটীৰ পৰা প্ৰশ্নকাকত কঢ়িয়াই নিয়া ৰিজাৰ্ভ বেংকৰ বিষয়াক ফোন কৰিছিল সঞ্জিত কৃষ্ণৰ দেহৰক্ষীয়ে৷ ফোন কৰি উক্ত প্ৰশ্নকাকতৰ টোপোলা এছপিৰ বাংলোলৈ লৈ যাবলৈ দিছিল৷
জানিব পৰা মতে, নিশা ১০.৩০ বজাত সেই প্ৰশ্নকাকতৰ টোপোলা গুৱাহাটীৰ পৰা গৈ কৰিমগঞ্জৰ এছপি বাংলো পাইছিলগৈ৷ সেই সময়ত অক্ষয় চান্দ বৈদ্যৰ গাড়ীৰে গৈ বাংলোত উপস্থিত হৈছিল ৰুবুল হাজৰিকা৷ ইয়াৰ পিছত ১৮ ছেপ্টেম্বৰত এছপিৰ বাংলোতেই প্ৰশ্নকাকতৰ বিনিময়ত ধনৰ চুক্তি সম্পন্ন হৈছিল৷ সিদিনা নিশাটো ৰুবুল হাজৰিকা ড্ৰাইভাৰৰ সৈতে কৰিমগঞ্জ আৰক্ষীৰ অতিথিশালাতে আছিল৷ উল্লেখ্য যে কৰিমগঞ্জৰ দুটা কেন্দ্ৰত এছআই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল। কিন্তু ধনৰ বাবে দুটা ফৈদৰ মাজত সৃষ্টি হোৱা বিবাদৰ বাবেই এটা ফৈদে প্ৰশ্নকাকত ফাদিল কৰে।













