
অসম আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ কেলেংকাৰী, জলসিঞ্চন বিভাগৰ সদ্যঘোষীত শাখা-সহায়কাৰী (Section Assistant) নিযুক্তি প্ৰক্ৰিয়াত হোৱা খেলিমেলি সন্দৰ্ভত বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।ৰাইজৰ আগত ৰাজ্য চৰকাৰে চাকৰিৰ নামত খোলা বেহা মুকলিকৈ ফাদিল হৈছে। যোৱা চাৰে চাৰিটা বছৰত বিভিন্ন চৰকাৰী বিভাগৰ নিযুক্তিত কেতবোৰ ব্যক্তিগত খণ্ড সংস্থাক ঠিকা দি এক ৰম-ৰমিয়া চাকৰিৰ বেহা তথা ছিণ্ডিকেট অসম চৰকাৰৰ বহুতো নেতা, মন্ত্ৰীয়ে চলাই থকা বুলি বিধায়ক গৰাকীয়ে কয়।
ছিণ্ডিকেটত এটা বিশেষ নীতি আদৰ্শক বিশ্বাস কৰিলে বা কেতবোৰ দালালক ধন দিলেই অসমত চৰকাৰী চাকৰি পাৱ পাৰি।তাৰ জলন্ত আৰু শেহতীয়া উদাহৰণ ৰাইজে SI পৰীক্ষাৰ নিযুক্তিত হোৱা প্ৰশ্ন কাকত ফাদিল ঘটনা।কেলেংকাৰীত নাম সাঙোৰ খোৱা বিজেপি দলৰ বহুতো নেতা, মন্ত্ৰী আমোলা নাম ফাদিল হৈছে- লগতে কয়।
উল্লেখ মুঠ ৫৯৭ টা পদৰ বাবে ৬৬,০০০ নিবনুৱাই আৱেদন কৰিছিল।কেলেংকাৰীত জড়িত বহুতো দালাল অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ইয়াৰ লগত নাম সাঙোৰ খোৱা বহুতো উচ্চ পৰ্যায়ৰ নেতা তথা দালালক একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে আৰক্ষীৰ আওতালৈ অনা হোৱা নাই। কিছুদিন আগতে গ্ৰেপ্তাৰ কৰা সঞ্জীৱ নাথ নামৰ দালাল জনৰ ঘৰত আৰক্ষী অভিযান চলাওতে জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ড লাভ কৰিছিল। কেলেংকাৰীটোৰ লগত অক্ষয় কমিউনিকেশ্বন, এম.এন টেক আদি প্ৰতিষ্ঠাসমূহ জৰিত হৈ আছে।উক্ত প্ৰতিষ্ঠান সমূহৰ কেতবোৰ দালালে চাকৰিৰ নামত নিবনুৱা সকলৰ পৰা পইছা সংগ্ৰহ কৰিছিল আৰু আৰক্ষীয়ে বঙাইগাঁও, ধুবুৰীৰ পৰা কোটি কোটি টকা জব্দ কৰিবলৈ সক্ষম হ’ল। কিন্তু জেৰা কৰা ব্যক্তি সকলৰ পৰা এনেকুৱা কৈ আৰু কিমান ধন কাৰ কাৰ পৰা সংগ্ৰহ কৰা হৈছিল, সেয়া অসম আৰক্ষীয়ে ইচ্ছাকৃতভাৱে হওক বা অন্য কোনো কাৰণবশত উলিয়াবলৈ সক্ষম হোৱা নাই বুলি বিস্ফোৰক অভিযোগ তুলি শইকীয়াই কয়-তথ্য অনুসৰি এক বুজন পৰিমাণৰ ধন আৰক্ষীয়ে জব্দ কৰিছে কিন্তু ৰাজনৈতিক ছত্ৰছায়াত পোহৰলৈ অহা নাই ইয়াৰ তথ্য।
ইফাল জলসিঞ্চন বিভাগৰ সদ্য ঘোষিত ৩৯৭ টা Section Assistant ৰ পদৰ নিযুক্তিটো কেতবোৰ বিসংগতি, খেলিমেলি তথা কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে।কিয়নো যি নিযুক্তি তালিকা ৱেবছাইটত প্ৰকাশ কৰা হ’ল তাত বহুতো নীতি-নিয়ম উলংঘা কৰা হৈছে। ১৯৯৭ চনৰ জলসিঞ্চন বিভাগৰ নিযুক্তিৰ বাবে যি বিধি প্ৰস্তুত কৰা হৈছিল, সেই অনুসৰি এনেধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত জিলা ভিত্তিক নিযুক্তি কমিটীৰ গঠন কৰিহে নিযুক্তি প্ৰদান কৰিব লাগে।কিন্তু উত্থাপিত অভিযোগ অনুসৰি বহু জিলাত এনেধৰণৰ কমিটীৰ গঠনে নহ’ল আৰু যি তালিকা ৱেবছাইটত প্ৰকাশ কৰিছিল, তাত কোনো বিভাগীয় উচ্চ পদস্থ চৰকাৰী বিষয়াৰ ছীল-মোহৰ নাছিল। তেনেক্ষেত্ৰত নিয়ম উলংঘা কৰি অসম চৰকাৰে কেনেকৈ নিযুক্তি প্ৰদান কৰিলে, এয়া এক চৰম দুৰ্নীতি নহয় নে বুলিও প্ৰশ্ন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।













