
অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন ‘জাতীয় যুৱ শক্তি’ৰ ৰাজ্যিক আহ্বায়ক সমিতি গঠন আৰু যোগদান সমাৰোহ আজি গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় ৷
উক্ত সমাৰোহত ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰা অহা যুৱ প্ৰতিনিধিৰ মাজৰ পৰা ১১গৰাকী মুখ্য আহ্বায়ক আৰু ৭৫গৰাকী ৰাজ্যিক আহ্বায়ক বাছনি কৰি এখন আহ্বায়ক সমিতি গঠন কৰা হয় ৷
আজি ঘোষণা হোৱা মুখ্য আহ্বায়কসকল :
১) লাকীমণি বৰুৱা, ২) ডঃ দুলেন বৰা, ৩) আমিৰ হুছেইন, ৪) ডাঃ লক্ষ্যজ্যোতি বৰা, ৫) দীপাংকৰ দলে, ৬) চন্দ্ৰপল বৰুৱা, ৭) দীপাংকৰ সোণোৱাল, ৮) বিতুল চুতীয়া, ৯) কুশল কুজুৰ, ১০) নিভা দত্ত, ১১) নোমল বৰা।













