ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পৰাধীনতাৰ শিকলি ছিঙিবলৈ শ্বহীদ হোৱা গুণাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰৰ ভৰিত শিকলি:আৰ্থিক দুৰৱস্হাই কোঙা কৰা শ্বহীদ গুণাভিৰাম বৰদলৈৰ বাসগৃহত বিধায়িকা আঙুৰলতা

ASSAM TIMES POST by ASSAM TIMES POST
August 11, 2019
Reading Time: 1 min read
A A
0

assam times post | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

নগাঁওঃ গাঁৱৰ এখন তেনেই সাধাৰণ ঘৰ। ঘৰখনত দাৰিদ্ৰতাৰ চাপ। এই ঘৰখনৰ চোতালত এখন প্লাষ্টিকৰ চকীত নিৰ্বিকাৰ ভাৱে বহি আছে নব্বৈৰ উৰ্দ্ধৰ এজন বৃদ্ধলোক।বৃদ্ধলোকজনৰ দুয়ো ভৰিত এডাল শিকলিৰে বান্ধি থোৱা অৱস্থাত আছে। মাজে মাজে ইফালে সিফালে চাই থকা বৃদ্ধজনৰ কাৰো প্ৰতি কোনো ভ্ৰূক্ষেপ নাই। কিন্তু এই বৃদ্ধলোকজনৰ এটা বিশেষ পৰিচয় আছে। ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত দেশক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ গৈ শ্বহীদ হোৱা গুণাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ হৈছে দুভৰিত শিকলিৰে বান্ধি থোৱা এইজন ডিম্বেশ্বৰ বৰদলৈ ।

শ্বহীদ গৰাকীৰ জ্যেষ্ঠ পুত্ৰ ডিম্বেশ্বৰ বৰদলৈ স্মৃতি বিভ্ৰাট (আলজেইমাৰ) ৰোগত আক্ৰান্ত। সেয়ে তেওঁৰ অসহায় পুত্ৰ অৰ্থাৎ শ্বহীদ গুণাভিৰাম বৰদলৈৰ নাতি গোলাপ বৰদলৈয়ে পৰিয়ালৰ লোকসকল কামত ব্যস্ত থকা সময়ত নিৰুপায় হৈ ছহিদ পুত্ৰ ডিম্বেশ্বৰ বৰদলৈক চকীত বহুৱাই এডাল দীঘল শিকলিৰে ভৰিত বান্ধি এনেদৰে তলা মাৰি থয় উল্লেখ্য, আলজেইমাৰ ৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰা ডিম্বেশ্বৰ বৰদলৈ ঘৰৰ মানুহৰ অজ্ঞাতে কেতিয়াবা অকলে ঘৰৰ পৰা ওলাই যায়।

ঘৰত কাকো নজনোৱাকৈ বহু দূৰ পৰ্যন্ত গুচি যায় বৰদলৈ।ফলস্বৰূপে পৰিয়ালৰ লোকে অসহায় হৈ এনেদৰে শিকলিৰে ভৰিত বান্ধি থব লগা অৱস্থা হৈছে। তদুপৰি আৰ্থিক দুৰাবস্থাই কোঙা কৰা পৰিয়ালটো দীৰ্ঘদিন ধৰি চৰকাৰৰ ঘৰৰ পৰা অৱহেলিত হৈ আহিছে। শ্বহীদ পুত্ৰৰ এনে দুৰ্গতিৰ বিিষয়ে জানিব পাৰি শুক্ৰবাৰে বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা,মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হয়হি শ্বহীদ পৰিয়ালৰ গৃহত ।

উল্লেখ্য, বিধায়িকা গৰাকীৰ বাসগৃহৰ নাতিদূৰৰে কপাহেৰা শান্তিপুৰ মৰাপাট আদৰ্শ গাঁওস্থিত স্বাধীনতা সংগ্ৰামৰ শ্বহীদ গুনাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ থকা গৃহত উপস্থিত হোৱা বিধায়িকা আঙুৰলতা ডেকাই বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে।জটিল মানসিক ৰোগত আক্ৰান্ত শ্বহীদ গুনাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ ডিম্বেশ্বৰ বৰদলৈৰ সু চিকিৎসাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

শিকলিৰে বন্দিত্বৰ জীৱন কটোৱা ডিম্বেশ্বৰ বৰদলৈক শৃংখল মুক্ত কৰাৰ বাবে আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা,শ্বহীদ গুনাভিৰাম বৰদলৈৰ বাসগৃহলৈ যোৱা পথৰ উন্নীতকৰণ কৰা,শ্বহীদ গুনাভিৰাম বৰদলৈৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা,শ্বহীদ গৰাকীৰ নাতি তথা শিল্পী গোলাপ বৰদলৈৰ বাবে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰা আদি বহু প্ৰতিশ্ৰুতি প্ৰদান কৰে। শ্বহীদ গৰাকীৰ নাতিয়েক গোলাপ বৰদলৈয়ে বিধায়িকা আঙুৰলতা ডেকাই প্ৰদান কৰা প্ৰতিশ্ৰুতি কাৰ্যকৰী হব বুলি আশাবাদী যদিও সম্পূৰ্ণ ৰূপে আশ্বস্ত হব পৰা নাই।

কিয়নো পূৰ্বৰ বহু জনপ্ৰতিনিধিয়ে দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী হোৱা নাছিল। উল্লেখ্য, ১৯৪২ চনত বৃটিছৰ গুলিত প্ৰাণ আহুতি দিছিল গুনাভিৰাম বৰদলৈয়ে।শ্বহীদ গুনাভিৰাম বৰদলৈয়ে মৃত্যুৰ সময়ত এৰি থৈ গৈছিল দুটাকৈ নাবালক পুত্ৰ ডিম্বেশ্বৰ বৰদলৈ আৰু থুলেশ্বৰ বৰদলৈ।পিতৃৰ মৃত্যুৰ পিছত দুৰ্ভগীয়া সন্তান দুটিয়ে আৰ্থিক দীনতাৰ মাজৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল।আনৰ ঘৰত কামো কৰিব লগীয়া হৈছিল।শ্বহীদগৰাকীৰ দ্বিতীয়জন পুত্ৰ থুলেশ্বৰ বৰদলৈৰ ইতিমধ্যে মৃত্যু হৈছে।

শ্বহীদগৰাকীৰ জ্যেষ্ঠ পুত্ৰ ডিম্বেশ্বৰ বৰদলৈ তেওঁৰ জ্যেষ্ঠ পুত্ৰ গোলাপ বৰদলৈৰ লগত থাকে।সম্প্ৰতি বয়সৰ জোখাৰে ৯০ বছৰ অতিক্ৰম কৰা ডিম্বেশ্বৰ বৰদলৈ আৰু তেওঁৰ পৰিয়ালে আৰ্থিক দুৰাবস্থাৰ মাজৰে জীৱন অতিবাহিত কৰিব লগীয়া হৈছে।ডিম্বেশ্বৰ বৰদলৈয়ে মূল ঘৰৰ পৰা কিছু আতৰলৈ উঠি আহি বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত কপাহেৰা শান্তিপুৰ মৰাপাট আদৰ্শ গাঁৱত স্বাধীনতাৰ পৰবৰ্তী সময়ত তদানীন্তন চৰকাৰে প্ৰদান কৰা ভূমিত এখন সৰু পাম নিৰ্মাণ কৰি বসবাস কৰি আহিছে ।

এটা সৰু পুখুৰীত মৎস উৎপাদন কৰি সেই মাছ বিক্ৰী তেওঁলোকে অতি কষ্টৰে জীৱন নির্বাহ কৰি আহিছে । ডিম্বেশ্বৰ বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ গোলাপ বৰদলৈয়ে আনকি আনৰ ঘৰৰ বিবাহকে ধৰি মাংগলিক অনুষ্ঠানত বেণ্ড বজাইও (বেণ্ড-পাৰ্টি) জীৱন নিৰ্বাহৰ বাবে অৰ্থ সংগ্ৰহ কৰিবলগীয়া হৈছে।

Share8Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই
National-International

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

May 25, 2026
50
US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি
National-International

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

May 25, 2026
50
Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা
National-International

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

May 25, 2026
US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx