ডিফু : ডিফুৰ জীয়ৰী সৃষ্টি কৰৰ মূৰত ভয়েছ অফ কাৰবি আংলঙ ২০২০ চূড়ান্ত বিজয়ী খিতাপ ৷ বিশ্বব্যাপি কৰোনা মহামাৰীৰ সময়তে বোকাজানৰ উদ্যমী যুৱক দেবা কুমাৰৰ আৰু পূজা কুমাৰৰ পৰিচালনাত আৰম্ভ হোৱা ভয়েছ অফ কাৰবি আংঙৰ অনলাইন ছিংগিং প্ৰতিযোগিতাৰ বৃহস্পতিহাৰে ডিফু ক্লাৱত মঞ্চত অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত ডিফু জিনিং মিল পথৰ প্ৰদীপ কৰৰ জীয়ৰী সৃষ্টি কৰে বিজয়ী পুৰষ্কাৰ হিচাপে ১৫ হাজাৰ টকাৰ চেক, মানপত্ৰ আৰু ট্ৰফী লাভ কৰাৰ বিপৰীতে নগাঁৱৰ ৰূপালী টকবীপী প্ৰথম বিজেতা হিচাপে ১০ হাজাৰ টকাৰ চেক, মানপত্ৰ আৰু ট্ৰফী লগতে দ্বিতীয় বিজেতা হিচাপে কাজিৰঙাৰ ৰবেন টেৰণে লাভ কৰে ৫ হাজাৰ টকাৰ চেক, মানপত্ৰ আৰু ট্ৰফী ৷ তিনিওগৰাকী প্ৰতিযোগীয়ে সুন্ধৰ আৰু সুমধুৰ গীত পৰিবেশন কৰি দৰ্শকৰ লগতে বিচাৰক মণ্ডলীৰ মন আকৰ্ষিত কৰিবলৈ সক্ষম হয় ৷
বিচাৰকৰ আসন অলংকৃত কৰে দেবা কুমাৰ, প্ৰিয়া প্ৰধান আৰু থমাছ বসুমতাৰীয়ে ৷ চূড়ান্ত বিজয়ী ডিফুৰ জীয়ৰী সৃষ্টি কৰে শৈশৱৰ পৰাই সংগীত চৰ্চা কৰি জনপ্ৰিয় শ্ব’ ইণ্ডিয়ান আইডলত ভাগলৈ চতুৰ্থ ৰাউণ্ডলৈকে উন্নীত হৈ বয়স কম হোৱাৰ বাবে থমকি ৰব লগা হৈছিল ৷ ভয়েছ অফ কাৰবি আংলঙৰ পৰিচালক দেবা কুমাৰে জানিবলৈ দিয়া অনুসৰি কাৰবি আংলঙৰ যুৱ প্ৰজন্মৰ সংগীতৰ প্ৰতি থকা সুপ্ত প্ৰতিভাক জাগ্ৰত কৰাৰ উদ্দেশ্যেই ভয়েছ অফ কাৰবি আংলঙৰ জন্ম হৈছে বুলি কৈছে ৷