ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰনা পৰিস্থিতিৰ মাজতে অহা ২ নৱেম্বৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ শিক্ষানুষ্ঠানৰ নিয়মীয়া পাঠদান।ক’ভিড প্ৰৰ্টকল মানি চলি চৰকাৰে সুদীৰ্ঘ ৮ মাহৰ পাছত মুকলি কৰিব বিদ্যালয়-মহাবিদ্যালয় সমূহ।এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে ৰাজ্য শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
কাৰিকৰী শিক্ষা পলিটেকনিক, ইঞ্জিনীয়াৰিং প্ৰতিষ্ঠানসমূহত আৰম্ভ হ’ব নিয়মীয়া পাঠদান।
কিন্তু হোষ্টেল সমূহ ১ ডিচেম্বৰ পৰাহে কৰিব পাৰিব মুকলি।নিয়মীয়া পাঠদান আৰম্ভ হলেও অনলাইন শিক্ষা ব্যৱস্থা বাহাল থাকিব। জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত মন্ত্ৰী শৰ্মাই কয়।
মহাবিদ্যালয় সমূহতো আৰম্ভ হ’ব নিয়মীয়া পাঠদান।অৱশ্যে ক’ভিড প্ৰৰ্টকল মানি এটা শ্রেণীকোঠাত সৰ্বাধিক ২৫ জন ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব পাৰিব।একেদৰে সপ্তাহত সোম আৰু বৃহস্পতিবাৰে দুটা দিন স্নাতক প্ৰথম ষাণ্মাসিকৰ পাঠদান হ’ব।মঙল, বুধ আৰু শুকুৰবাৰে তৃতীয় ষাণ্মাসিক আৰু মঙল, বুধ, শুকুৰ, শনিবাৰে স্নাতক পঞ্চম ষাণ্মাসিকৰ পাঠদান কৰিব পাৰিব।হোষ্টেল সমূহ বন্ধ থাকিব।উক্ত সময়ছোৱাত কোনো ছাত্ৰ- ছাত্ৰীয়ে নিজৰ ঘৰৰ ওচৰৰ মহাবিদ্যালয়ত ক্লাছ কৰিব বিচাৰে তেন্তে অস্থায়ী ভাৱে একমাহ কৰিব পাৰিব- মন্ত্ৰী শৰ্মাই কয়।
ইফালে প্ৰথমমানৰ পৰা পঞ্চমমান শ্ৰেণীলৈ বিদ্যালয় সমূহৰ শ্রেণী বন্ধ থাকিব।অৱশ্যে মধ্যাহ্ন ভোজন আনিবলৈ বিদ্যালয়লৈ যাব পাৰিব ছাত্ৰ ছাত্ৰী।ব্যক্তিগত খণ্ড বিদ্যালয় সমূহেও এই নিয়ম পালন কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-ষষ্ঠমান শ্রেণী পৰা সকলো বিদ্যালয়ত পাঠদান আৰম্ভ হব।
প্ৰতিদিনে দুটা ভাগত বিভক্ত কৰি শ্রেণী সমূহ আৰম্ভ কৰিব।পুৱা ৮.৩০ বজা পৰা দুপৰীয়া ১২.৩০লৈ আৰু দুপৰীয়া ১.৩০ বজা পৰা আবেলি ৪.৩০লৈ।৫০% ছাত্ৰ-ছাত্ৰীক শ্রেণীলৈ মাতিব লাগিব।ছাত্ৰ-ছাত্ৰী শ্রেণীত উপস্থিত থকাটো বাধ্যতামূলক নহব।
গুৰুত্বপূৰ্ণ কথা এই যে আগন্তক বর্ষত কেৱল অষ্টম, দশম আৰু দ্বাদশশ্রেণী পৰীক্ষাসমূহে অনুষ্ঠিত হব।অন্য শ্রেণী ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষা অনুষ্ঠিত নহব।পূৰ্ব শ্লে’বাছ হ্ৰাস পাব”।
বিদ্যালয়সমূহৰ পৰা ইতিমধ্যে কভিড কেয়াৰ চেণ্টাৰ সমূহ প্ৰত্যাহাৰ কৰা হৈছে।ব্যক্তিগত খণ্ড বিদ্যালয়, টিউচন, কোচিং চেণ্টাৰ সমূহে এই সমূহ নিয়ম পালন কৰাটো বাধ্যতামূলক।
ইফালে প্ৰথমমান পৰা পঞ্চমমান শ্রেণীলৈ ক্লাছ সমূহ মুকলি কৰা সন্দৰ্ভত অহা ডিচেম্বৰত সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে।চেনিটাইজ ব্যৱস্থা চলি থাকিব বিদ্যালয়ত বুলিও মন্ত্ৰী শৰ্মাই কয়।
তাপৰ্যপূৰ্ণ কথা বিশ্ববিদ্যালয় সমূহ মুকলি কৰাক লৈ ৰাজ্য চৰকাৰে প্ৰদান কৰা নাই কোনো নিৰ্দেশনা।বিশ্ববিদ্যালয় সমূহে কেতিয়া পৰা, কি কি নিয়ম মানি বিশ্ববিদ্যালয় মুকলি কৰিব সেইয়া তেওঁলোকে নিজে সিদ্ধান্ত লব।