ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাত বিগত বৰ্ষসমূহত চমকপ্রদ ফলাফল প্ৰদৰ্শনেৰে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত উজ্বলি উঠা নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত বিভিন্ন কাৰিকৰী শিক্ষা প্রতিষ্ঠান আৰু অন্যান্য প্ৰতিষ্ঠানৰ প্ৰবেশ পৰীক্ষাত ভাল ফলাফল প্রদর্শন কৰি আহিছে ।
চলিত বর্ষত শিক্ষা প্রতিষ্ঠানখনৰ পাঁচ গৰাকী ছাত্ৰই আই আই টি প্ৰবেশ পৰীক্ষাত কৃতকার্যতা লাভ কৰাৰ লগতে সদ্য ফলাফল ঘোষিত ২০২০ বৰ্ষৰ নেশ্বনেল এলিজিবিলিটি কাম এনট্ৰেঞ্চ টেষ্ট চমুকৈ ‘নীট’ পৰীক্ষাত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ৩৪ গৰাকী ছাত্ৰ- ছাত্ৰী কৃতকার্য হৈ শিক্ষা প্রতিষ্ঠানখনৰ গৰিমা অক্ষুণ্ণ ৰাখে ।
‘নীট’ পৰীক্ষাত কৃতকার্য হোৱা ছাত্ৰ-ছাত্ৰী কেইগৰাকী হৈছে- চেতনা ম’ৰ, ৰিজুৱানুল ইছলাম, নিকু গগৈ,মোদিত পৱন বৈশ্য, শ্ৰুতি দে,বিশ্বজিৎ কলিতা,ৰজিবৰ্ণ দাস,কমলজ্যোতি শৰ্মা, ৰিদিপ মহন্ত, ডনা দত্ত, নম্ৰতা নাথ, চাদিকা কৌচৰ, সম্পূৰ্ণ শৰ্মা, জিতু শৰ্মা,গাৰ্গীপ্ৰিয়া ভূঞা, অমিষা সিং,আশিস কুমাৰ গাৰ্গ, শতৰূপা ৰাজবংশী, জিষ্ণু গোহাঁই, অংকিতা শইকীয়া, সুমন বৰা,অমিত কুমাৰ, মলয় পাল, গায়ত্ৰী তামুলী,পায়েলমনি বৰা,কৃষ্ণ চেতিয়া, দীপাংকৰ গগৈ,হিমাঞ্জলি বুঢ়াগোহাঁই, চিন্ময় নাথ,ভায়লিনা পাল, সৃজনী সঞ্জীৱা বৰা, দীপিকা ৰাভা, প্ৰদ্যুৎ বৰদলৈ আৰু কমল বসুমতাৰী ।
উল্লেখ্য যে, কৃতকার্যতা লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ মাজৰে আশিস কুমাৰ গাৰ্গ, অমিষা সিং,হিমাঞ্জলি বুঢ়াগোহাঁই আৰু চিন্ময় নাথে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যৰ প্ৰথম দহজনৰ ভিতৰত স্হান লাভ কৰিছিল । আনহাতে ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ সফলতাত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ লগতে শিক্ষা প্রতিষ্ঠানখনৰ শিক্ষক-কৰ্মচাৰীসকলে সন্তোষ্টি প্ৰকাশ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে ।