নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ৮১৮ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ৮১৮ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৩১২৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬৪২গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ১৪৯গৰাকী ৰোগী কামৰূপ(ম)ৰ৷আক্ৰান্তৰ হাৰ ২.৭৮ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০০৩৯১জনলৈ বৃদ্ধি পাইছে ।














