
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফু সমষ্টিৰ পৰা বিধানসভালৈ নির্বাচিত হৈ মন্ত্রীপদ পোৱা মন্ত্রী চুম ৰংহাং সকলো দিশতে ব্যর্থ হৈছে। বিধানসভাৰ মজিয়াতে হওঁক বা উন্নয়নৰ ক্ষেত্রতে হওক, সদনৰ বাহিৰে ভিতৰে সকলো ক্ষেত্রতে মন্ত্রীগৰাকীৰ কোনো সফলতা ৰাইজে দেখিবলৈ পোৱা নাই। যাৰ বাবে আজি মোহভংগ হোৱা ৰাইজে আজি কংগ্রেছ দলৰ সমর্থনত আগবাট়ি আহিছে। – এই মন্তব্য অসম প্রদেশ কংগ্রেছৰ সম্পাদক ডাঃ মংৱে ৰংপিৰ।

আজি মন্ত্ৰী চুম ৰংহাঙৰ গৃহ চহৰ বকলীয়াঘাটস্থিত ইউনাইটেড কার্বি ক্লাব প্রেক্ষাগৃহত আয়োজিত হোৱা এক কর্মীসভাত শাসকীয় দলটোক কঠোৰ ভাষাৰে সমলোচনা কৰি এই মন্তব্য কৰে কংগ্রেছ নেতাগৰাকীয়ে। বিজেপি দলৰ মিথ্যাচাৰ ৰাইজে আজি বুজি উঠাৰ বাবেই সমাগত বিধানসভা নির্বাচনত কংগ্রেছ দলৰ মিত্রজোটে জয়লাভ কৰাটো নিশ্চিত বুলি নেতাগৰাকীয়ে মন্তব্য কবে। শেহতীয়াকৈ টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা হাছং যৌথ সংগ্রাম সমিতিয়ে বিজেপিৰ পৰা সমর্থন প্রত্যাহাৰ কৰাৰ প্রসংগ উল্লেখ কৰি ডাঃ ৰংপিয়ে লগতে কয় যে বি টি এ ডিত বিপিএফ অথবা ইউপিপিএলৰ সৈতে কংগ্রেছৰ বুজাপৰা হোৱাটো নিশ্চিত।
ইয়াৰ পৰিণতিত কার্বি আংলঙত বড়ো ভোটাৰ অধ্যুষিত হাওৰাঘাট আৰু ডিফু বিধানসভা সমষ্টিত কংগ্রেছ দলেই অধিক লাভান্বিত হ’ব বুলি নেতাগৰাকীয়ে কয়। লাংফেৰ মণ্ডল কংগ্রেছ সমিতিৰ সভাপতি জয়ছিং ছিংনাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ এই সভাতে ২১টা পৰিয়ালে বিজেপি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্রেছ দলত যোগদান কৰে। দলটোত নতুনকৈ যোগদান কৰা কর্মীসকলক কংগ্রেছৰ দলীয় গলবস্ত্রৰে দললৈ আদৰণি জনোৱা হয়।













