নিউজ ডেক্স:
নব্বৈৰ দশকত বলিউড প্লে-বেক জগতত তেওঁ আছিল একচ্ছত্ৰী সম্ৰাট। ৰোমান্টিক গানেৰে যিয়ে সম্পূৰ্ণ এটা প্রজন্মক মন্ত্রমুগ্ধ কৰি ৰাখিছিল, সেই কুমাৰ চানুৰ নিজৰ বৈবাহিক জীৱনত অৱশ্যে ডাঙৰ ধুমুহা পাৰ হৈ গৈছিল।
প্রবল অশান্তিৰ কাৰণে ১৯৯৪ চনত পত্নী ৰীতা ভট্টাচার্যক ডিভোৰ্চ দিয়ে কুমাৰ চানুই। এতিয়া ২৬ বছৰ পিছত পিতৃ-মাতৃৰ সেই বিবাহ বিচ্ছেদক লৈ মুখ খুলিলে জান কুমাৰ চানুই। যি এইবাৰ ‘বিগ বছ ১৪’ৰ প্রতিযোগী।
‘বিগ বছ’ৰ এইবাৰৰ প্রতিযোগীসকলৰ জান কুমাৰ চানু, জেচমিন ভাসিন, সাৰা গুৰপাল, নিক্কি তাম্বোলিয়ে তেওঁলোকৰ সৰুকালক লৈ সম্প্রতি মুখ খোলে। এই কথোপকথনত জান কুমাৰ চানুই জনায় যে পিতৃ নহয়, তেওঁৰ জীৱনত সকলোতকৈ ডাঙৰ ভূমিকা মাতৃৰ। তেওঁ কয়, “মোৰ বাবে পিতৃ-মাতৃ সকলো কেইটাই আছিল মোৰ মা।
যেতিয়া মই মাৰ গর্ভ (৬ মাহ)ত আছিলোঁ, তেতিয়াই মোৰ পিতৃ-মাতৃ পৃথক হৈ যায়। সৰুৰে পৰা মই মোৰ মাৰ লগতে ডাঙৰ হৈছো৷ তেৱেঁই মোৰ মা-বাবা সকলো। মই ইয়ালৈ অহাৰ আগতে মই সকলোতকৈ বেছি চিন্তাত আছিলো মোৰ মাক লৈয়েই। মই ইয়ালৈ আহিলে মাৰ চোৱাচিতা কোনে কৰিব সেইটোৱে চিন্তা আছিল। ভাপোৱাক লৈও মই মাৰ দৰে প্রাচীনপন্থী। এগৰাকীয়েই থাকিব মোৰ জীৱনত৷”
কুমাৰ চানু আৰু ৰীতা ভট্টাচার্যৰ বিবাহ বিচ্ছেদ এক ডাঙৰ চর্চাৰ বিষয় হৈ উঠিছিল সেই নব্বৈৰ দশকত। কাকত-আলোচনীত প্ৰচুৰ খবৰ ওলাইছিল সেই সময়ত। উত্তৰ কলকাতাৰ মধ্যবিত্ত যুৱকজনে বোম্বেলৈ গৈ ৰাতাৰাতি বিখ্যাত হৈ নিজৰ শিপা পাহৰি যোৱা বুলি অভিযোগ কৰিছিল ৰীতাই। তেওঁ কৈছিল,
“কলকাতাৰ কেদাৰ ভট্টাচার্যৰ সৈতে আজিৰ কুমাৰ চানুৰ বিশাল পার্থক্য৷” তাৰ উপৰি কুমাৰ চানুৰ বিৰুদ্ধে মাৰধৰ, নির্যাতনৰ অভিযোগ আনিছিল তেওঁ। ইফালে এইবোৰ অভিযোগ উৰুৱাই দি এক সাক্ষাৎকাৰত কুমাৰ চানুৱে পত্নীক পাগল বুলি মন্তব্য কৰিছিল। সেই তিক্ততা এনেকুৱা স্তৰলৈ উঠিছিল যে ১৯৯৪ চনত তেওঁলোকৰ ডিভোৰ্চ হৈ যায়।
ৰীতা ভট্টাচার্যৰ সৈতে বিচ্ছেদৰ পিছত কুমাৰ চানুই পুনৰ বিয়া কৰালেও ৰীতা অকলেই থাকি যায়। সৰুকালত মাকে তেওঁক কেনেদৰে অৰলেই মানুহ কৰিছে সেয়াই সম্প্রতি জনায় কুমাৰ চানুৰ পুত্রই।
জানৰ প্ৰকৃত নাম অৱশ্যে জয়েছ ভট্টাচার্য। কলকাতাতেই ডাঙৰ হৈছে তেওঁ। কলকাতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। পিতৃৰ দৰে তেৱোঁ গায়ক। বহু কেইটা এলবাম আছে তেওঁৰ। কিন্তু পিতৃয়ে গোৱা ‘দিল মেৰা চুৰায়া কিঁউ’ গানটিকে নতুনকৈ পৰিবেশন কৰি ইউটিউবত প্রবল জনপ্রিয় হয় তেওঁ।
‘বিগ বছ ১৪’লৈ যোৱাৰ পূৰ্বে পিতৃ-মাতৃ দুয়োৰে আশীর্বাদ বিচাৰে তেওঁ। তেওঁ জনোৱা মতে, পিতৃয়ে কেইবাও টিপছো দিছে। অৱশ্যে তেওঁ জীৱনত সকলোতকৈ ডাঙৰ অৱদান যে তেওঁৰ মাতৃৰ, সেই কথা স্পষ্টভাৱে জনায় জান কুমাৰ চানুই।