ষ্টাফ ৰিপ’ৰ্টাৰ:
লখিমপুৰৰ নাওবৈচাত সংঘটিত হৈছে এক ভয়ংকৰ দূৰ্ঘটনা। গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখী ইনভা বাহনখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱায় আৰু খুন্দা মাৰে এজোপা গছত। চালক সহ এই দূৰ্ঘটনাটোত প্ৰাণ হেৰুৱাই চাৰি গৰাকীয়ে।
দ’লহাট তিনি আলিৰ সমীপত সংঘটিত এই দূৰ্ঘটনাটোত য’ত চালক ৰত্ন মহন্ত থিতাতে প্ৰাণ হেৰুৱায়; তাতেই আকৌ তিনি গৰাকী যাত্ৰী ক্ৰমে নাৰায়ণ বড়ো, মিতালী দাস বড়ো আৰু উৎপল বড়োক হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুৰ সন্মুখীন হয় তেওঁলোক।
আনহাতে, নাৰায়ণ বড়ো নামৰ যাত্ৰী গৰাকী এতিয়াও লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। প্ৰাপ্ত তথ্যনুসৰি, চালক গৰাকীৰ ঘৰ ঘিলাধাৰীত আৰু আন যাত্ৰী ক্ৰমে নাৰায়ণ বড়ো, মিতালী দাস বড়ো আৰু উৎপল বড়ো গুৱাহাটী ৰুক্মিণী গাঁৱৰ বাসিন্দা ৰূপে চিনাক্ত কৰা হৈছে। আন এগৰাকী যাত্ৰী ৰিংকু মৰাঙৰ ঘৰ লখিমপুৰৰ পহুমৰাৰ উজনি খামতিত।













