
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ শংকৰদেৱ নগৰত তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ প্ৰদেশ অধ্যক্ষা নমিতা চাহুৰ ক্ৰমিক অনশন। দেশত সংঘটিত হৈ থকা ধৰ্ষণকাণ্ডৰ বিৰোধীতা কৰি ধৰ্ষণকাৰীক নিশ্চিত সময়ত ফাঁচী হোৱাৰ আইন চৰকাৰে বলবৎ কৰাৰ দাৱীত এই অনশন। যোৱা ১৭ অক্টোবৰ নৱৰাত্ৰিৰ পৰা আজি তিনিদিন ধৰি নমিতা চাহুৱে তেজস্বিনী ভগ্নীসকলক লৈ পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈকে চলাই আছে।
এই ক্ৰমিক অনশন কাৰ্যসূচী। লগতে ধৰ্ষণৰ বিৰোধীতাৰে যোৱা ২৭ জুলাই তাৰিখৰ পৰা তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিয়ে ৯ কি.মি দৈৰ্ঘ্যৰ কাপোৰত বিভিন্ন ঠাইত ৰাইজৰ হস্তাক্ষৰৰ অভিযান প্ৰক্ৰিয়া চলাই আছে। বৰ্তমান ৬০ হাজাৰতকৈও অধিক লোকে হস্তাক্ষৰ কৰিছে। আজি নিশা ৮ বজাৰ ভিতৰত যদি চৰকাৰে দাৱী মানি নলয় তেন্তে কাইলৈ২৪ ঘণ্টা অনিশ্চিতকালীন ধৰ্মঘট অনশন কাৰ্যসূচী নমিতা চাহুৱে গ্ৰহণ কৰিব।












