ষ্টাফ ৰিপ’ৰ্টাৰ:
কামৰূপ জিলাৰ বকোত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৩জন লোক৷ আহত আন ৯জন৷ দুৰ্ঘটনাটোই শাকৰ ছাঁ পেলাইছে অঞ্চলটোত।
জানিব পৰা মতে, আজি সন্ধিয়া ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীৰ পৰা নগৰবেৰা অভিমুখী এএছ-০১-ইচি-০৭০৫ নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰখনত বিপৰীত দিশৰ পৰা অহা এখন নম্বৰ প্লেটবিহীন বাইকৰ লগত তীব্ৰ জোৰত খুন্দা লাগে৷
ঘটনাটো সংঘটিত হয় বকো থানাৰ অন্তৰ্গত বন্দাপাৰাত৷ দুৰ্ঘটনাটোত মটৰচাইকেলৰ এগৰাকী আৰোহীৰ লগতে ট্ৰেভেলাৰৰ দুগৰাকী যাত্ৰী থিতাতে নিহত হয়। জানিব পৰা মতে, মটৰচাইকেল আৰোহীজন বকো ২নং ছেখাদাৰী মাজপাৰা গাঁৱৰ অজয় ৰাভা (২০) আৰু ট্ৰেভেলাৰখনৰ এগৰাকী যাত্ৰী নগৰবেৰাৰ উদ্ধৱ চৌধুৰী বুলি জানিব পৰা গৈছে।
নিহত আনগৰাকী ব্যক্তি বাতৰি লিখাৰ পৰলৈকে চিনাক্ত হোৱা নাই। তিনিওটা মৃতদেহ আৰক্ষীয়ে বকো থানালৈ লৈ আহে। আনহাতে, আহত ট্ৰেভেলাৰখনৰ ৯গৰাকী যাত্ৰীক স্হানীয় ৰাইজে উদ্ধাৰ কৰি বকো প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়।













