
নিউজ ডেস্কঃ
সমগ্ৰ দেশজুৰি জোকাৰণি সৃষ্টি কৰা টীয়কৰ চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড গোচৰৰ ৰায়দানৰ পিছত আজি অভিযুক্ত কেইজনৰ শাস্তি ঘোষণা কৰা হয়৷ ২৫জন অভিযুক্তৰ এজনক ফাঁচিৰ লগতে আন ২৪জনক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়৷ যোৰহাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে এই শাস্তি ঘোষণা কৰে।
অভিযুক্তসকলৰ ভিতৰত সঞ্জয় ৰাজোৱাৰক ফাঁচিৰ ৰায় প্ৰদান কৰে আদলতখনে। উল্লেখ্য যে মুঠ ৩১গৰাকী জীৱিত অভিযুক্তৰ ভিতৰত যোৱা ১২ অক্টোবৰত ২৫জনক দোষী সাব্যস্ত কৰিছিল আদালতে। আনহাতে, ৬জন অভিযুক্তক দোষমুক্ত কৰিছিল আদালতে। ইফালে আন এজন অভিযুক্ত হৰি মাঝিৰ জে’লৰ ভিতৰতে কিছুদিন পূৰ্বে মৃত্যু হয়।
উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টৰ সেই কালিকালগা দিনটোতে এদল উন্মত্ত লোকৰ হাতত অতি কৰুণভাৱে মৃত্যুক সাৱটিবলগা হৈছিল চিকিৎসক দেৱেন দত্তই৷ ঘটনা সংঘটিত হোৱাৰ ২২ দিন পিছত যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে ৩২জন অভিযুক্তৰ বিৰুদ্ধে ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল। আনহাতে, ঘটনা সন্দৰ্ভত মুঠ ৬০জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল আৰক্ষীয়ে। গোচৰটোত চৰকাৰী পক্ষৰ হৈ ওকালতি কৰিছিল অধিবক্তা দুৰ্গাপ্ৰসাদ জয়ছোৱালে। আনহাতে, অভিযুক্তসকলৰ পক্ষত তেওঁলোকৰ অধিবক্তাই ৮০২ পৃষ্ঠাৰ লিখিত যুক্তি আগবঢ়োৱাৰ বিপৰীতে চৰকাৰী পক্ষৰ অধিবক্তাই আদালতত ৯৪ পৃষ্ঠাৰ লিখিত যুক্তি আগবঢ়াইছিল।
দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে গোচৰটোত ‘উইটনেছ প্ৰটেকচন স্কিম’ ব্যৱহাৰ কৰা হৈছিল যাতে ভৱিষ্যতে কোনেও সাক্ষীসকলক প্ৰভাৱিত কৰিব নোৱাৰে।













