
নিউজ ডেস্ক
নৱেম্বৰ মাহটো হ’ব অসম বিজেপিৰ বাবে ‘ভাইব্ৰেণ্ট বিজেপি মাহ’৷ আজি বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এক সংবাদমেল সম্বোধন কৰি এনেদৰে কয়৷ সংবাদমেলখনত তেওঁ কয় যে, নৱেম্বৰ মাহত বিজেপিৰ প্ৰতিখন জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব৷ এই মাহটোত সমগ্ৰ ৰাজ্যত বিজেপিৰ ৩২০০খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব৷ আনহাতে, ৪০০ মণ্ডলত হ’ব বিশেষ বৈঠক৷ আৰু সমগ্ৰ ৰাজ্যজুৰি সৰ্বমুঠ বিশেষ বৈঠক হ’ব ৩৬০০খন ৷
সংবাদমেলত ৰঞ্জিত দাসে কয় যে, বিজেপিৰ অ’বিচি কোষৰ আগন্তুক বৈঠকখন অনুষ্ঠিত হ’ব ধেমাজি জিলাত৷ লগতে তেওঁ এইবাৰ লখিমপুৰ সমষ্টিটো বিজেপিৰ দখললৈ আহিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ সংখ্যালঘু সম্পৰ্কত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, ৰাজ্যত ২০খন সংখ্যালঘু সন্মিলন অনুষ্ঠিত কৰিব বিজেপিয়ে৷ আনহাতে, ২০টা সমষ্টিত শক্তিশালী সংখ্যালঘু ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলিও ৰঞ্জিত দাসে ঘোষণা কৰে৷ তেওঁ লগতে কয় যে, সংখ্যালঘুৰ বহুকেইগৰাকী বিধায়কে অতিশীঘ্ৰে বিজেপিত যোগদান কৰিব৷













