
নিউজ ডেস্কঃ
আজি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে এক যৌথ সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত মিত্ৰজোঁটৰ অভিযোগ, বিজেপি চৰকাৰখন সম্পূৰ্ণ ভ্ৰষ্টাচাৰী চৰকাৰ৷ এই চৰকাৰৰ দিনত ৬,০০০ কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছে৷ প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি, সংখ্যালঘু ছাত্ৰ বৃত্তি, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আদি আঁচনিত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ মিত্ৰজোঁটৰ৷ লগতে এই দুৰ্নীতিসমূহৰ ন্যায়িক তদন্তও বিচাৰে মিত্ৰজোঁটে ৷ আনহাতে, এছআই কেলেংকাৰী সন্দৰ্ভটো সৰৱ হয় মিত্ৰজোঁট৷ তেওঁলোকৰ অভিযোগ, এছআই কেলেংকাৰি তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হৈছে৷ এই তদন্তৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই বুলিও প্ৰকাশ কৰে ৷
সংবাদমেলত বিজেপিৰ বিৰুদ্ধে অতি সৰৱ হৈ পৰে চিপিআই(এম)ৰ নেতা দেৱেন ভট্টাচাৰ্য৷ দেৱেন ভট্টাচাৰ্যই কয়, ‘বিজেপিক পৰাস্ত কৰিব লাগিব, সেইটোৱে মূল কথা৷ বিজেপিৰ বিৰুদ্ধে ৰাইজ একগোট হৈ থিয় হোৱাত বিজেপিৰ নেতা-কৰ্মীসকল পাগল হৈছে৷ তেওঁলোকে কি কৈছে নিজেই নাজানে৷’ আনহাতে, অলপতে মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণক ভয়ানক আখ্যা দি ভট্টাচাৰ্যই কয় যে এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেদৰে কথা নকয়৷ মোগল মানে মুছলমানকে বুজাইছে ৷ অসমৰ মুখ্যমন্ত্ৰী প্ৰৱঞ্চক৷ তেওঁ অসম চুক্তি ৰূপায়ণ কৰিম বুলি কয় যদিও ইয়াৰ ভিত্তি বৰ্ষটোৱে নামানে ৷
আনহাতে, অসমৰ বৰ্তমানৰ অৰ্থনৈতিক অৱস্থাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, বিজেপিয়ে অসমক এক পঙ্গু অৰ্থনীতিৰ দিশে লৈ গৈছে ৷ টকাৰ লোভ দি মানুহক চাকৰৰ দৰে ব্যৱহাৰ কৰা বুলিও ভট্টাচাৰ্যই অভিযোগ কৰে৷ উল্লেখ্য যে, আজিৰ সংবাদমেলত উপস্থিত থাকে ৰিপুণ বৰা, অজিত ভূঞা, আমিনুল ইছলাম, মুনীন মহন্ত, দেৱেন ভট্টাচাৰ্য আৰু বিবেক দাস ৷













