লংকাৰ পৰা মনোজ কুমাৰ পাঠক
পূজাৰ উপলক্ষে লামডিঙ প্ৰশাসনে কটকটীয়া নিৰাপত্তা অৱলম্বন কৰিছে ৷ লামডিঙৰ অলিয়ে গলিয়ে ৰমমৰীয়া অবৈধ সুৰাৰ বিপীনি গঢ়ি তুলিছে ৷ লামডিঙ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় সিঙৰ তৎপৰতাত আৰক্ষী এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ দেশী-বিদেশী সুৰা জব্দ কৰে আজি ৷ আগন্তুক পূজাৰ সময়ত কোনো ধৰণৰ অসামাজিক ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰতিদিনেই অভিযান চলাব বুলি বিষয়াগৰাকীয়ে জনায় ৷
আনফালে ৰাইজৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি লামডিঙত এইবাৰ মুঠ ২৭ খন পূজা অনুষ্ঠিত হোৱাৰ অনুমতি দিয়ে প্ৰশাসনৰ তৰফৰ পৰা ৷ পূজা মণ্ডপসমূহে চৰকাৰ দিয়া সম্পূৰ্ণ নিৰ্দেশ মানি চলিব লাগিব ৷ পূজাৰ সময়ত কোনো ধৰণৰ ঘটনা নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব লামডিঙ প্ৰশাসনে ।












