ষ্টাফ ৰিপোৰ্টাৰ
ডিফু : কার্বি আংলং জিলাত বন্য প্রাণীৰ অংগৰ চোৰাং সৰবৰাহৰ এক চক্র সক্রিয় হৈ থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ অহাৰ সময়তে আজি কার্বি আংলং জিলাৰ আৰক্ষীয়ে অভিযান চলাই ১৬টা বাঘৰ দাঁতসহ দুজনক আটক কৰিবলৈ সক্ষম হৈছে। প্রাপ্ত তথ্য অনুসৰি, এক বিশেষ সূত্রৰ ভিত্তিত আজি পুৱাৰে পৰা কার্বি আংলং জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিফুৰ সমীপৰ বিৰলাত এখন স্কুটীৰ পৰা বাঘৰ দাঁতকেইটা জব্দ কৰে।
ডিমা হাচাওৰ পৰা দুজন লোকে ডিফুত বাঘৰ দাতকেইটা বিক্রীৰ বাবে আনিছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত দুজন লোকক আটক কৰি জেৰা অব্যাহত বাখিছে যদিও তদন্তৰ খাতিৰত এই সন্দর্ভত সবিশেষ তথ্য প্রদানৰ পৰা বিৰত আছে আৰক্ষী।