লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ঘটনাটো সংঘটিত হৈছে লংকাৰ উদালী আৰক্ষী চকীৰ অন্তৰ্গত সিং গাঁৱত। কিশোৰীগৰাকীয়ে নিশা খুৰায়েকৰ ঘৰত খেলিবলৈ যোৱা অৱস্হাত কোনো নথকাৰ সুযোগ লৈ নৰ-পিখাছ সদৃশ খুৰায়েকে কণমানিজনীৰ লগত কৰে এই অপকৰ্ম। ঘটনা সংঘটিত কৰি পলাতক খুৰায়েক নাজিৰ হুছেইন।
বৰ্তমান ভোক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে উদালী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ আৰু কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰা হৈছে।