নিউজ ডেক্স:
অক্সফোর্ড বিশ্ববিদ্যালয়ৰ সম্ভাৱ্য ক’ৰোনা ভাইৰাছ টীকাক লৈ নতুন উদ্বেগ। ব্রাজিলত মৃত্যু হ’ল হিউমেন ট্রায়েলত অংশগ্রহণকাৰী এজন স্বেচ্ছাসেৱকৰ। ৰয়টাৰ্ছ সূত্রত এই খবৰ প্ৰকাশ। বুধবাৰে ব্রাজিলৰ স্বাস্থ্য সংস্থা এনভিছাই মৃত্যুৰ কথা জনালেও লগতে এইটো স্পষ্ট কৰি দিয়ে যে ভেকচিনটোৰ ট্রায়েল বন্ধ কৰা নহ’ব।
এই বিষয়ত চিএনএনক দিয়া এক বিবৃতিত অক্সফোর্ড বিশ্ববিদ্যালয়ে জনাইছে যে কোভিড–১৯ ভেকচিন গ্রুপ বা কন্ট্রোল গ্রুপত থকা স্বেচ্ছাসেৱকসকলৰ শাৰীৰিক অৱস্থাৰ ওপৰত পৃথক পৃথকভাবে স্বাধীনভাৱে নজৰ ৰখা হয়। এই ঘটনাত ট্রায়েলৰ নিৰাপত্তাক লৈ কোনো উদ্বেগৰ কাৰণ নাই। তাৰ উপৰি, ব্রাজিল চৰকাৰেও পৰীক্ষা চলাই যাবলৈ আগ্রহী।
আনহাতে, ‘ফেডাৰেল ইউনিভাৰ্ছিটী অব ছাও পাওলো’ৰ তৰফৰ পৰা পৃথকভাবে জনোৱা হৈছে, মৃত স্বেচ্ছাসেৱকজন ব্রাজিলৰ বাসিন্দা। অৱশ্যে তেওঁ দেশখনৰ কোন অংশৰ বাসিন্দা সেই বিষয়ত বিশ্ববিদ্যালয়খনে স্পষ্টকৈ একো কোৱা নাই। ৰয়টাৰ্ছৰ সূত্র মতে, যিসকলৰ ওপৰত বৰ্তমান ক’ৰোনা টীকাৰ পৰীক্ষা–নিৰীক্ষা কৰা হৈছে, অর্থাৎ কোভিড–১৯ গ্রুপ, মৃত ব্যক্তি সেই গ্ৰুপৰ অংশ হ’লে তৎক্ষণাৎ ট্রায়েল বন্ধ ৰাখিব লাগে।
সংবাদ সংস্থা ব্লুমবাৰ্গে জনাইছে, মৃত ব্যক্তিৰ শৰীৰত সম্ভাৱ্য ক’ৰোনা টীকা প্রয়োগ কৰা হোৱা নাই। অন্যহাতে, এষ্ট্ৰোজেনেকাৰ তৰফৰ পৰা কোৱা হৈছে, গোপনীয়তা আৰু ক্লিনিকেল ট্রায়েলৰ নিয়মৰ বাবে কোনো নির্দিষ্ট বিষয়ক লৈ কোম্পানীৰ তৰফৰ পৰা কোনো মন্তব্য আগবঢ়োৱা নহ’ব।