
ষ্টাফ ৰিপোৰ্টাৰ
ডিফু : বকলীয়াঘাট নগৰৰ মাজমজিয়াত থকা এখন বিদ্যালয়ব মাটি বেদখলৰ অভিযোগ উতথাপিত হৈছে বিদ্যালয়খনৰে প্রধান শিক্ষকগৰাকীৰ বিৰুদ্ধে। উল্লেখযোগ্য যে, বকলীয়াঘাটস্থিত টাউন জনতা হিন্দী হাইস্কুলৰ খেলপথাৰৰ ভূমি বিদ্যালয়খনৰ প্রধান শিক্ষকগৰাকীয়ে বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্থাপিত অভিযোগ অনুসৰি, বকলীয়াঘাট
নগৰৰ মাজমজিয়াত থকা বিদ্যালয়খনৰ চৌহদৰ কিছু নিলগত থকা মথাউৰিৰ সমীপত বিদ্যালয়খনৰ খেলপথাৰৰ বাবে ইতিপূর্বে সাত বিঘাতকৈ অধিক পৰিমাণৰ ভূমি চৰকাৰৰ পৰা আবন্টন দিয়া হৈছিল।
উক্ত ভূমিখণ্ডৰ সমীপতে বিদ্যালয়খনৰ বর্তমানৰ প্রধান শিক্ষক ৰামব্রীজ চৌহানক অস্থায়ীভাবে বসবাস কৰিবলৈ দিয়া হৈছিল যদিও শেহতীয়াকৈ প্রধান শিক্ষকগৰাকীয়ে গোজেই গজাঁলি হৈ বিদ্যালয়খনৰ ভূমি বেদখলৰ অপচেষ্টাত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ তৎপৰতাত আজি টাউন জনতা হিন্দী হাইস্কুল প্রাঙ্গণত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰামবলী চৌহানৰ সভাপতিত্বত এখনি সভাও অনুষ্ঠিত কৰা হয়। সভাখনত প্রধান শিক্ষকগবাকীৰ বিৰুদ্ধে উপস্থিত ৰাইজে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰে।
ইয়াকে লৈ সভাত সামান্য উত্তপ্ত পৰিবেশৰো সৃষ্টি হয়। আনহাতে, বিদ্যালয় প্রতিষ্ঠা কালৰে পৰা খেলপথাৰৰ উন্নয়নৰ নামত আজি পর্যন্ত কোনো পদক্ষেপ লোৱাৰ পৰিবর্তে খেলপথাৰখন বিগত কেইবা বছৰ ধৰি ধাননিলৈ পর্যবসিত হোৱা বুলিও ৰাইজে অভিযোগ কৰে ৷ বিষয়টো সন্দর্ভত বিস্তৃত আলোচনাৰ অন্তত এই সন্দর্ভত সবিশেষ তদন্তৰ বাবে আজিৰ সভাই এখনি তদন্ত সমিতিও গঠন কৰি দিয়ে। অৱশ্যে উল্লিখিত সকলো অভিযোগৰ সত্যতা অস্বীকাৰ কৰিছে বিদ্যালয়খনব প্রধান শিক্ষকগৰাকীয়ে ৷













