লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত কাকীৰ লাল মাটি শোণিতপুৰৰ এটা বৃহত অঞ্চল, যিটো অঞ্চলত আজিও ঢুকি পোৱা নাই বৰ্তমানৰ উন্নয়নশীল বিজেপি চৰকাৰখনে। কথাই কথাই খিলঞ্জীয়া সুৰক্ষাৰ কথা কৈ অহা চৰকাৰখনৰ আজিও দৃষ্টি পৰা নাই প্ৰায় পোন্ধৰ হেজাৰ লোকে বসবাস কৰি অহা লালমাটিৰ এই বৃহতৰ অঞ্চলটোত। আনকি স্থানীয় বিধায়কগৰাকীৰো সময় নাই অঞ্চলবাসীৰ খৱৰ লোৱাৰ।
প্ৰায় পোন্ধৰ হেজাৰ লোকৰ বসতিপ্ৰধান অঞ্চলটোত আজিও নাই এটা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, নাই বিদ্যুত সংযোগ, নাই সুচল ৰাস্তা ঘাট যাৰ বাবে জিয়াতু ভূগিছে সৰ্বসাধাৰণ ৰাইজে।
মানুহ খোজ কাঢ়ি যোৱাৰ অবস্থা নাই, কিদৰে চলাচল কৰিব এম্বুলেন্স নাইবা জৰুৰীকালীন সেৱাৰ যানবাহন । আনহাতে অঞ্চলটোত নাই বিশুদ্ব খোৱাপানীৰ এটাও প্ৰকল্প, যাৰ পৰিপেক্ষিতত অঞ্চলবাসীয়ে অপৰিস্কাৰ পানী সেৱন কৰি নানান বেমাৰ আজাৰত পৰাটো নিশ্চিত। খালৰ পৰা পানী খোৱলৈ নিয়া দৃশ্য টোলৈ মন কৰক, এনে পৰিস্থিতিয়ে লালমাটি শোণিতপুৰৰ ৰাইজক জিয়াতু ভুগাইছে। আচলতে এই অভিযোগ আমাৰ নহয়, এই অভিযোগ ভুক্তভুগি স্থানীয় ৰাইজৰ।