নিউজ ডেক্স:
ভাৰতৰ প্ৰথম বিশ্বকাপ জয়ী অধিনায়ক কপিল দেৱ ক্ৰমাৎ সুস্থ হৈ উঠিছে৷ কপিল দেৱৰ অসুস্থতাৰ খবৰ বিয়পি পৰাত ক্ৰিকেট মহলৰ লগতে অনুৰাগীসকলৰ মাজত উদ্বেগ বৃদ্ধি পায়৷ উল্লেখ্য যে বৃহস্পতিবাৰে বুকুৰ বিষ অনুভৱ কৰাত কপিল দেৱক দিল্লীৰ চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল৷
একে দিনাই তেওঁক এঞ্জিৱপ্লাষ্টি কৰা হয়৷ কেৱল ক্ৰিকেট খেলতে নহয়, প্ৰাক্তন ভাৰতৰ অধিনায়কজন গল্ফৰ ফিল্ডত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে৷ স্মৰ্ত্তব্য যে তেওঁৰ অধিনায়কত্বতে প্রথম বিশ্বকাপৰ সোৱাদ পাইছিল দেশবাসীয়ে৷ চিকিৎসালয়ৰ সূত্ৰে জানিব পৰা মতে ৬১ বছৰীয়া এই প্রাক্তন ক্রিকেটাৰজনৰ অস্ত্রোপচাৰ সফল হৈছে৷
বৰ্তমানে তেওঁ আৰোগ্যৰ পথত৷ ১৯৮৩ চনৰ বিশ্বকাপ জয়ী দলৰ সদস্যৰ এটা ৱাটছেপ গ্ৰুপত কপিল দেৱৰ একালৰ সতীৰ্থই লিখিছে, তেওঁ সোনকালে সুস্থ হৈ উঠিব৷ বহু কঠিন সময় সলনি কৰি দিব পাৰিছে৷
ইয়াৰ বিপৰীতে কপিল দেৱে লিখিছে, মই ভাল হৈছো আৰু সুস্থ হৈছো৷ অতি সোনকালে আৰোগ্য হোৱাৰ পথত৷ গল্ফৰ পথাৰলৈ ঘুৰি যোৱাৰ আশাত ৰৈ আছো৷ আপোনালোক মোৰ পৰিয়াল৷ আপোনালোকক ধন্যবাদ৷