নিউজ ডেক্স:
কোভিড পৰিস্থিতিৰ মাজতে আয়কৰদাতাসকলৰ বাবে স্বস্তিৰ খবৰ জনালে কেন্দ্রীয় চৰকাৰে। যিসকলে এতিয়াও আয়কৰ ৰিটার্ন জমা দিয়া নাই তেওঁলোকে আৰু কিছু বেছি সময় পাব। শনিবাৰে নতুন নির্দেশনাত এই কথা জনাইছে আয়কৰ বিভাগে।
২০১৯-২০২০ বিত্তীয় বছৰৰ বাবে (২০২০-২১ মূল্যায়ন বছৰ) ব্যক্তিগত আয়কৰ ফাইলৰ সময়সীমা আৰু ১ মাহ বৃদ্ধি কৰিলে বিত্ত মন্ত্ৰালয়ে। ইয়াৰ আগতে ২০১৯ চনৰ ১ এপ্রিলৰ পৰা ২০২০ চনৰ ৩১ মার্চৰ ভিতৰত আয়ৰ ৰিটার্ন জমা দিয়াৰ তাৰিখ আছিল ৩০ নৱেম্বৰ।
নতুন নির্দেশনাত আয়কৰ বিভাগে জনাইছে, অহা ৩১ ডিচেম্বৰ পর্যন্ত আয়কৰ ৰিটাৰ্ন জমা দিয়াৰ সুযোগ পাব আয়কৰ গ্রাহকসকলে। তাৰ লগতে আন্তর্জাতিক আৰু নির্দিষ্ট ঘৰুৱা লেনদেনৰ সময়সীমাও ৩০ নৱেম্বৰৰ পৰা পৰা বৃদ্ধি কৰি ৩১ জানুৱাৰী কৰা হৈছে।