নিউজ ডেক্স:
আফগানিস্তানৰ ৰাজধানী কাবুলত এক ভয়াবহ আত্মঘাতী বোমা আক্ৰমণত প্ৰায় ১৮ জন নিহত হয়। এই ঘটনাত আহত হৈছে আৰু ৫৭ জন। শনিবাৰে সন্ধ্যাৰ সময়ত দাস্ত-এ বাৰচি এলেকাৰ এখন ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষা প্রতিষ্ঠানৰ সন্মুখত এই ঘটনা ঘটে। এই ভবনটিত মূলত শ শ চিয়া মতাৱলম্বী শিক্ষার্থী থাকে।
বিবিচিৰ প্রতিবেদনত কোৱা হৈছে, আহতসকলক হস্পিটেললৈ নিয়া হৈছে।মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশঙ্কা কৰা হৈছে। হতাহতৰ বেছিভাগেই শিক্ষার্থী। তালেবানে এই আক্ৰমণৰ ঘটনাৰ দোষ অস্বীকাৰ কৰিছে। অৱশ্যে এই ভয়াবহ আক্ৰমণৰ নেপথ্যত কাৰ হাত আছে সেয়া জানিব পৰা হোৱা নাই।
দেশখনৰ গৃহ মন্ত্রণালয়ৰ মুখপাত্র তাৰিক আৰিয়ানে এক বিবৃতিত জনাইছে, এজন আত্মঘাতী বোমা আক্ৰমনকাৰী ভবনটোৰ ভিতৰলৈ প্ৰৱেশৰ চেষ্টা কৰিছিল। নিৰাপত্তাৰক্ষীয়ে তাক আক্ৰমনকাৰী হিচাপে চিনাক্ত কৰাৰ পিছতেই ব্যক্তিজনে তাতেই বোমা বিস্ফোৰণ ঘটায়।