নিউজ ডেক্স:
বিচাৰিলেই ১ কোটি চাকৰিৰ প্রতিশ্রুতি দিব পাৰিলেহেঁতেন, কিন্তু জানো সেয়া সম্ভৱ নহয়। নিৰ্বাচনত জিকিবলৈ এনে কোনো প্রতিশ্রুতি নিদিওঁ, যাক পূৰণ কৰাটো অসম্ভৱ। শনিবাৰে আৰজেডিৰ নির্বাচনী ইস্তাহাৰ প্রকাশ কৰি এই কথা জনালে লালুপ্রসাদ যাদৱৰ পুত্র তেজস্বী যাদৱে। রাষ্ট্রীয় জনতা দলৰ এইবাৰৰ বিহাৰৰ মুখ্যমন্ত্রী পদপ্রার্থী এইগৰাকী তৰুণ ৰাজনীতিবিদ। নীতিশ কুমাৰৰ প্রবল প্রতিপক্ষ হিচাবে নিজকে বহুখিনি প্রতিষ্ঠিত কৰি তুলিবলৈ সক্ষম হৈছে তেওঁ।
ৰাজনৈতিক মহলৰ ব্যাখ্যা মতে, শাসকীয় শিবিৰৰ মনোভাব বুজিবলৈয়ে বিহাৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্রকাশত পলম কৰিছে আৰজেডিয়ে। শনিবাৰে সংবাদ মেল অনুষ্ঠিত কৰি নির্বাচনী ইস্তাহাৰ প্রকাশ কৰে দলৰ মুখ্যমন্ত্রী পদপ্রার্থী তেজস্বী যাদৱে।
আসন্ন বিধানসভা নির্বাচনত জয়ী হ’লে ৰাজ্যৰ ১০ লাখ নিবনুৱাক চাকৰিৰ ব্যৱস্থা কৰিব তেওঁলোকৰ চৰকাৰে। এই প্রতিশ্রুতি লালু-পুত্র তেজস্বীৰ। আসন্ন নিৰ্বাচনত বিহাৰবাসীয়ে তেওঁলোকৰ সমর্থন কৰিলে ইস্তাহাৰত দিয়া প্রতিশ্রুতিবোৰ এটা এটাকৈ পূৰণ কৰা হ’ব বুলি জনাইছে তেজস্বী যাদৱে।
মুখ্যমন্ত্রীৰ পদপ্রার্থী তেজস্বী যাদৱে কয়, ‘‘বিচাৰিলেই ১ কোটি চাকৰিৰ প্রতিশ্রুতি দিব পাৰিলেহেঁতেন, কিন্তু জানো সেয়া সম্ভৱ নহয়। নিৰ্বাচনত জিকিবলৈ এনে কোনো প্রতিশ্রুতি দিব নালাগে, যাক পূৰণ কৰাটো অসম্ভৱ।”