নিউজ ডেক্স:
প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ৰক্তাক্ত হ’ল বিহাৰ। শনিবাৰে সমর্থক পৰিবেষ্টিত হৈ নির্বাচনী প্রচাৰলৈ ওলোৱা চেওহৰপুৰ বিধানসভা সমষ্টিৰ প্রার্থী নাৰায়ণ সিঙক হত্যা কৰা হয়। ভিৰৰ আঁৰত লুকাই দুষ্কৃতিকাৰীয়ে অতর্কিতে প্রার্থীজনক গুলী কৰে। হস্পিটেললৈ নিয়াৰ কিছু সময় পিছতেই তেওঁৰ মৃত্যু হয়।
উল্লেখযোগ্য যে ২৮ অক্টোবৰত বিহাৰত প্রথম পৰ্যায়ৰ নিৰ্বাচন। আৰক্ষীয়ে জনায়, ঘটনাৰ দিনাখন নিজৰ নির্বাচনী কেন্দ্র চেওহৰপুৰত প্রচাৰত নামিছিল নাৰায়ণ সিং। সেই সময়ত বাইক আৰোহী দুই দুষ্কৃতিকাৰীয়ে প্রার্থীজনক লক্ষ্য কৰি গুলী চলায়।
আৰক্ষীৰ সূত্র মতে, ‘জনতা দল ৰাষ্ট্রবাদী’ নামৰ এটি দলৰ টিকটত বিহাৰৰ আসন্ন নির্বাচনত প্রার্থী হৈছিল নাৰায়ণ সিং। শনিবাৰে তেওঁ পূর্ণিয়া থানা এলেকাৰ হাথচৰ গাঁৱলৈ প্ৰচাৰৰ বাবে গৈছিল। প্রার্থীজনৰ চাৰিওফালে সৃষ্টি হোৱা ভিৰৰ সুযোগ লয় আক্ৰমণকাৰীয়ে। বাইক আৰোহী দুই সশস্ত্র বন্দুকধাৰীয়ে ভিৰৰ আঁৰৰ পৰা গুলী কৰে নাৰায়ণ সিঙক।
গুলী লাগে তেওঁৰ বুকুত। সমর্থকসকলে তেওঁক ততাতৈয়াকৈ চেওহৰ সদৰ হস্পিটেললৈ লৈ যায়। তাৰ পৰা সীতামাৰীৰ নান্দীপট মেমোৰিয়েল হস্পিটেললৈ ৰেফাৰ কৰা হয়। কিন্তু তাত উপস্থিত হোৱাৰ আগতেই নাৰায়ণ সিঙৰ মৃত্যু হয়।