ষ্টাফ ৰিপ’ৰ্টাৰ:
মহাষ্টমীৰ সন্ধিয়া দুধনৈৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তিনিখন বাহনৰ মাজত হোৱা সংঘৰ্ষত হুৱাদুৱা লাগি পৰে অঞ্চলটোত৷ এখন স্কৰপিঅ’, এখন ট্ৰাক আৰু অল্ট’ৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। ইয়াৰে অল্ট’ বাহনখন ছিটিকি গৈ পথাৰত পৰে আৰু বাকী দুখন ৰাজপথতে চূৰ্ণ-বিচূৰ্ণ হয়৷
দুৰ্ঘটনাটোত এ এছ১৮ডি ৬৯৫৭ নম্বৰৰ স্কৰপিঅ’ বাহনৰ ভিতৰত আবদ্ধ হৈ পৰে ৪ যুৱক৷ স্থানীয় ৰাইজ আৰু দুধনৈ আৰক্ষীৰ সহযোগত ধ্বংসপ্ৰাপ্ত বাহনখনৰ পৰা এজনক উদ্ধাৰ কৰি গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়৷
আন তিনিজনক বহু সময় কষ্ট কৰি উদ্ধাৰ কৰা হয় যদিও বাহনখনৰ চালক বিক্ৰম সাহা আৰু আৰোহী শান্তু দে’ই গাড়ীৰ ভিতৰতে কৰুণ মৃত্যুক সাৱটি লয়। আনহাতে, অতি সংকটজনক অৱস্থাত ঋষভ গুহক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মাজ ৰাস্তাতে তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে, চাৰিও বন্ধুৱে কৃষ্ণাইৰ নিজ ঘৰৰ পৰা পূজা চাবলৈ আহিছিল৷
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, দুধনৈৰ পৰা কৃষ্ণাই অভিমুখে তীব্ৰ গতিত গৈ থকা স্ক’ৰপিঅ’খনে লেলা পোৱাৰ আগতে এখন অল্ট’জ অভাৰটেক কৰিবলৈ গৈ খুন্দা মাৰে। তাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই সন্মুখৰ দিশৰ পৰা আহি থকা আন এখন ট্ৰাকক প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত চূৰ্ণ–বিচূৰ্ণ হৈ পৰে। আনহাতে, অল্ট’খন ছিটিকি গৈ পথাৰত পৰে৷ সৌভাগ্য ক্ৰমে অল্ট’ৰ চালকজন ৰক্ষা পৰে।