নিউজ ডেক্স:
আমি সকলোৱে জানো ইজিপ্তৰ মামিৰ কথা ৷ য’ত বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰা হয় মৃত মানুহৰ শৰীৰ ৷
আচৰিত ধৰণেৰে ইজিপ্তত এই বৈজ্ঞানিক পদ্ধতিৰে মহান লোক আৰু জীৱ-জন্তুৰ সংৰক্ষণৰ কাৰ্য আৰম্ভ হৈছিল যিশুখ্ৰীষ্টৰ জন্মৰো ৪৫০বছৰৰ আগত ৷ অৱশ্যে তাতোকৈ পুৰণি ৯,৪০০ বছৰীয়া মামি পোৱা গৈছিল উত্তৰ আমেৰিকাত ৷
ইজিপ্তত জীৱ-জন্তুৰ ভিতৰত মেকুৰীৰ মামিৰ সংখ্যাই আছিল বেছি ৷
মৃত শৰীৰৰপৰা নাড়ী-ভুৰু আৰু মগজ উলিয়াই নেট্ৰ’ন(এক প্ৰকাৰৰ নিমখ) আৰু অন্যান্য কিছুমান ৰাসায়নিক দ্ৰৱ্যৰ সহায়েৰে সংৰক্ষণ কৰা হয় ৷ হৃদপিণ্ডটো শৰীৰৰ লগতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছিল, কিয়নো তেওঁলোকে বিশ্বাস কৰিছিল সকলোবোৰ বুদ্ধিমত্তাৰ উৎস হৃদপিণ্ড ৷
মৃতদেহটো ৪০দিন পৰ্যন্ত শুকুৱাই কাপোৰেৰে সম্পূৰ্ণ মৃতদেহটো মেৰিয়াই লগত মূল্যৱান ৰত্ন সংযুক্ত কৰে যাতে অন্যটো জীৱন পোৱালৈকে শৰীৰটো ৰক্ষা কৰে ই ৷
কম আৰ্দ্ৰতা, উষ্ণতা আৰু বতাহৰ আহ-জাহ নোহোৱা পৰিৱেশত সংৰক্ষণ কৰা হয় এই মামিবোৰ ৷
আচৰিত হ’লেও সত্য যে এনে বহুবোৰ বৰ্তমান যুগৰ বিজ্ঞানৰ আবিষ্কাৰ যেনে ৱাইফাই, বাল্ব আদিৰ ব্যৱহাৰ ইজিপ্তবাসীয়ে বহু হাজাৰ বছৰ আগতে ব্যৱহাৰ কৰাৰ সংকেত পোৱা গৈছে পিৰামিড সমূহত অংকিত চিত্ৰ সমূহৰ যোগেদি ৷
যদিও সেই সংকেত সমূহৰ প্ৰকৃত সত্য বা বৈজ্ঞানিক সজুঁলিৰ ব্যৱহাৰৰ প্ৰমাণ হোৱা নাই ৷ এতিয়াও ৰহস্য হৈ আছে বহু হাজাৰৰ বছৰ পুৰণি এই বিজ্ঞান সভ্যতাৰ উৎস ৷