ষ্টাফ ৰিপ’ৰ্টাৰ:
পানী নষ্ট কৰিলে ৫ বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে৷ জৰিমনা এক লাখ টকা পৰ্যন্ত বা একেলগে দুয়োটা হ’ব৷ এই নজিৰ বিহীন সিদ্ধান্ত লৈছে চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ অথৰিটি (চিজিডব্লিউএ)য়ে৷ ভূগৰ্ভস্থসহ পানীৰ অপব্যৱহাৰ এতিয়াৰ পৰা শাস্তিযোগ্য অপৰাধ হিচাপে বিবেচিত হ’ব৷
ৰাজেন্দ্ৰ ত্যাগী বনাম ভাৰত চৰকাৰৰ এক গোচৰত ২০১৯ চনৰ ১৫ অক্টোবৰত নেচনেল গ্ৰীণ ট্ৰাইবুনেলে যি নিৰ্দেশ দিছিল, তাক মনত ৰাখি পৰিৱেশ সুৰক্ষা আইনৰ ৫ নং ধাৰাত জাননী জাৰি কৰিছে চিজিডব্লিউএয়ে৷
উল্লেখ্য যে এই গোচৰৰ আবেদনকাৰীৰ দাবী আছিল, পানী নষ্ট কৰা বা তাৰ অপব্যৱহাৰক শাস্তিযোগ্য অপৰাধ হিচাপে পৰিগণিত হ’ব৷ জলশক্তি মন্ত্ৰালয়ৰ আওতাত চিজিডব্লিউএৰ নিৰ্দেশত কোৱা হৈছে, দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জল ব’ৰ্ড, জল নিগম, ৱাটাৰ ৱৰ্কৰ্ছ ডিপাৰ্টমেণ্ট, পৌৰসভা বা পৌৰ।
নিগম বা পঞ্চায়তৰ কাম হ’ব, ক’তো ভূগর্ভস্থ বা আন পানীৰ অপব্যৱহাৰ হৈছে নে নষ্ট কৰা হৈছে, তাক নজৰ দিব৷ এই নিৰ্দেশ উলংঘা হ’লে যথাযথ পদক্ষেপ গ্ৰহণ কৰিব৷ গ্ৰীণ ট্ৰাইবুনেলৰ ৰাজেন্দ্ৰ ত্যাগীৰ হৈ গোচৰত আছে অধিবক্তা আকাশ বশিষ্ঠ।
তেওঁ কয়, ভূগর্ভস্থ আৰু আন পানী নষ্ট কৰিলে ৫ বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে৷ জৰিমনা এক লাখ টকা পৰ্যন্ত বা একেলগে দুয়োটা হ’ব৷ তদুপৰি যদি নিয়ম ভংগ কৰে প্ৰতিদিনে ৫ হাজাৰ টকা জৰিমনা হ’ব পাৰে৷