লংকাৰ পৰা মনোজ কুমাৰ পাঠক
উন্নতিৰ দিশে লংকা চহৰ। শাসনাধীন বিজেপি চৰকাৰৰ দিনত যাতায়তৰ ক্ষেত্ৰত এপদ দুপদকৈ হ’লেও উন্নতি হৈছে হোজাই জিলাৰ অন্যতম ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰস্হল লংকা চহৰ। লংকা চহৰৰ দুয়োটা প্ৰবেশ পথৰ দুয়োটা ৰে’ল ক্ৰচিংৰ ওপৰত নিৰ্মাণ হৈ আছে দুখনকৈ উৰণীয়া সেঁতুৰ কাম। লংকা চহৰৰ পৰা লংকা-লামডিং পথ সংযোগী ১নং ৰে’ল গেটৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতুৰ কাম ৰে’ল কৰ্তৃপক্ষৰ তৎতাৱধানত হোৱাৰ লগতে লংকা-নগাঁও পথৰ দুই নং ৰে’ল গেটৰ ক্ৰচিংৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতু ৰাজ্য লগতে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কাৰ্য্য চলাই থকা হৈছে।
দুয়োখন উৰণীয়া সেঁতুৰ নিৰ্মাণত সেঁতু নিৰ্মাণ কৰ্তৃপক্ষই বিকল্প পথ নিৰ্মাণ নকৰাত স্হানীয় ৰাইজৰ উক্ত পথ দুটাৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হৈছে। সেয়হে উক্ত বিষয়ৰ ওপৰত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে আজি লংকাত উপস্হিত হৈ সকলো পৰিদৰ্শন কৰি তৎকালীনভাবে বিকল্প উপ-পথৰ ব্যৱস্থা কৰাৰ বাবে দুয়োটা উৰণীয়া সেঁতু নিৰ্মাণ কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে। লংকাৰ পৰা হাফলং পথটোও বিধায়কগৰাকীয়ে পৰিদৰ্শন কৰাৰ লগতে লংকা চহৰৰ বজাৰৰ পানীযোৱা নলাসমূহ কম দিনৰ ভিতৰত পৰিষ্কাৰ কৰিবলৈ পৌৰসভাক নিৰ্দেশ প্ৰদান কৰে।