নিউজ ডেস্কঃ
ধৈর্য ধৰা। আৰু শক্তিশালী হ’ব লাগিব। ৰয়েল চেলেঞ্জাৰ্ছ বাঙ্গালুৰুৰ বিৰুদ্ধে মেচ জয়ী কৰোৱা ৭৯ ৰানৰ ইনিংছ খেলাৰ পিছত মুম্বাই ইণ্ডিয়ান্সৰ তাৰকা সূর্য কুমাৰ যাদৱক উদ্দেশ্যি এই পৰামর্শ দিলে ভাৰতীয় দলৰ হেড কোচ ৰবি শাস্ত্রীয়ে।
উল্লেখ্য যে সোমবাৰে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। এইবাৰৰ টুর্নামেন্টত ভাল খেলিলেও ৰাষ্ট্ৰীয় দলত সুযোগ পোৱা নাই সূর্য কুমাৰে। দল নির্বাচনৰ পিছত বোঙ্গালুৰুৰ বিৰুদ্ধে সূর্য কুমাৰে আৰু এবাৰ নিজক প্রমাণ কৰি দেখুৱালে। এটা সময়ত বাঙ্গালুৰুৰ ৰান অনুসৰণ কৰিবলৈ নামি ৩ উইকেট হেৰুৱাই মুম্বাইই চাপত পৰিছিল।
কিন্তু শেষ পর্যন্ত টিকি থাকি সূর্য কুমাৰে মুম্বাইক জয়ৰ সোৱাদ দিয়ে। দুর্দান্ত ইনিংছ খেলাৰ পিছত হেলমেট খুলি ড্রেছিং ৰুমৰ ফালে হাত ডঙা দেখা যায় সূর্যক। মুম্বাইৰ জয়ৰ নায়কক উদ্দেশ্যি ইয়াৰ পিছতেই ৰবি শাস্ত্রীৰ টুইট, ‘সূর্য নমস্কাৰ। আৰু শক্তিশালী হোৱা। ধৈর্য ধৰিব লাগিব’।
উল্লেখ্য যে আইপিএলত এই পর্যন্ত ১২ মেচত সূর্য কুমাৰৰ ৰান সংগ্ৰহ ৩৬২। প্রয়োজনৰ সময়ত দলক আনি দিছে জয়। ধাৰাবাহিকতা দেখুৱাইছে ঘৰুৱা ক্রিকেটতো। তথাপিও ৰাষ্ট্ৰীয় দলত সুযোগ পোৱা নাই। তাকে লৈ সমালোচনাৰো সন্মুখীন হৈছে বিচিচিআই৷ একাংশৰ মতে, ৰাষ্ট্ৰীয় দলত সুযোগ পাবৰ বাবে সূর্য কুমাৰে আৰু কিমান দিন অপেক্ষা কৰিব লাগিব, সেয়া নির্বাচকসকলেহে ভালকৈ ক’ব পাৰিব।