নিউজ ডেস্কঃ
চৌডি আৰবৰ নতুন বেংক নোট দেখি অসন্তুষ্ট ভাৰতৰ বিদেশ মন্ত্ৰালয়। নতুন মুদ্রাত দেশৰ ভুল মানচিত্র ছপা হৈছে। ভাৰতৰ পৰা বিচ্ছিন্ন কৰা হৈছে জম্মু-কাশ্মীৰ আৰু লাডাখক। ইয়াৰ ফলত ক্ষুব্ধ ভাৰতৰ বিদেশ মন্ত্ৰালয়। অসন্তোষৰ কথা জনোৱা হৈছে দেশখনৰ বিদেশ মন্ত্ৰালয়ক।
এইবাৰৰ জি-২০ সন্মিলন অনুষ্ঠিত হ’ব চৌডি আৰবত। দিন ঠিক কৰা হৈছে ২১ আৰু ২২ নৱেম্বৰ। সেই উপলক্ষেই ২৪ অক্টোবৰত এই নতুন ৰিয়াল নোটখন ছপা হৈছিল। নোটৰ এফালে চৌডি আৰবৰ ৰজা চলমন বিন আব্দুল্লাজিজ আল ছৌদ আৰু ২০২০ চনৰ জি-২০ সন্মিলনৰ প্রতীক আছে, আনফালে আছে বিশ্বৰ মানচিত্র। তাতেই বিকৃত ভাৰতীয় মানচিত্র ছপা হৈছে। জম্মু-কাশ্মীৰ আৰু লাডাখক সম্পূৰ্ণভাৱে দেশৰ মানচিত্রৰ পৰা বাদ দিয়া হৈছে।
এই বিষয়ত বিদেশ মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিত কোৱা হৈছে, বিষয়টো চৌডি আৰব প্রশাসনক জনোৱা হৈছে। লগতে দেশখনৰ বিদেশ মন্ত্ৰালয়কো এই বিষয়ত অৱগত কৰা হৈছে। নতুন দিল্লীত চৌডি দূতাবাসৰ উপৰি ৰিয়াধৰ মন্ত্ৰালয়তো জনোৱা হৈছে। জম্মু-কাশ্মীৰ আৰু লাডাখ যে ভাৰতৰ অবিচ্ছেদ্য অঙ্গ, তাক ভালদৰে বুজাই দিয়া হৈছে। সোনকালে ভুল সংশোধন কৰাৰ কথাও কোৱা হৈছে।