নিউজ ডেক্স:
অটোৰ চকা ঘূৰিলেহে যাৰ সংসাৰৰ চকা ঘূৰে, তাৰ ভাগ্যৰ চকৰি যে এনেদৰে ঘূৰিব সেয়া হয়তো তেওঁ কেতিয়াও কল্পনা কৰিব পৰা নাছিল। কিন্তু এনে এক বিস্ময়কৰ ঘটনাই ঘটিল আলিপুৰদুৱাৰ জিলাৰ কালচিনি ব্লকৰ ৰঙ্গামাটি এলেকাত।
অঞ্চলটোৰ বাসিন্দা সুবীৰ লামা, পেছাত তেওঁ এজন অটো চালক। লটাৰিত এক কোটি টকা পুৰস্কাৰ লাভ কৰে সুবীৰে। বৃহস্পতিবাৰে পুৱা তেওঁ ১৫০ টকাৰ লটাৰি টিকট কিনে আৰু সিদিনা দুপৰীয়াই তেওঁ জানিবলৈ পাৰে লটাৰিত এক কোটি টকা পুৰস্কাৰ লাভ কৰিছে।
ইয়াৰ পিছতেই টিকট লৈ কালচিনি থানালৈ আহি তেওঁ পৰৱর্তী প্রক্রিয়া সম্পন্ন কৰে। সুবীৰ লামাই জনোৱা মতে, “মই চাহ বাগানীয়া সন্তান; মোৰ পত্নী চাহ বাগানৰ শ্রমিক আৰু মই অটো চালক। মই কোনো দিনে ভাবিব পৰা নাছিলো যে, এক কোটি টকা পুৰস্কাৰ মই পাম।” সুবীৰে লগতে জনায়, ‘ভৱিষ্যতে আমাৰ সন্তানক এই ধনেৰে উচ্চশিক্ষিত কৰাম।’