নিউজ ডেক্স:
শুক্রবাৰে পুৱা তীব্র ভূমিকম্পত কঁপি উঠিল তুৰস্ক। জিএমটি অনুসৰি ১১.৫০ বজাত পশ্চিম তুৰস্কত এজিয়ান সাগৰত এই ভয়াৱহ ভূমিকম্প হয়। ৰিখটাৰ স্কেলত যাৰ মাত্রা আছিল ৭.০। ভূমিকম্পৰ ফলত সমুদ্রত প্রবল জোৱাৰৰ কাৰণে সমুদ্রৰ উপকূলবর্তী এলেকাত বানৰ সৃষ্টি হয়। গ্ৰীচতো ইয়াৰ প্রভাব পৰিছে।
তুৰস্কৰ স্বাস্থ্যমন্ত্রীয়ে দিয়া খবৰ মতে, এই পৰ্যন্ত ইজমিৰৰ ২২ জন বাসিন্দাই প্রাণ হেৰুৱাই লছে আৰু আহত হৈছে প্রায় ৭০০ জন।জানিব পৰা মতে, ইজমিৰৰ ২০টা ঘৰ ভাঙি পৰিছে এই ভূমিকম্পৰ ফলত।
তুৰস্কৰ এজিয়ান উপকূল আৰু উত্তৰ-পশ্চিম মাৰমাৰা অঞ্চলত এই কম্পন অনুভূত হয় বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত কম্পনৰ মাত্রা আছিল ৬.৬ আৰু ইজমিৰৰ উপকূলৰ পৰা প্রায় ১৭ কি:মি: দূৰত ভূমিকম্পৰ উৎসস্থল।
কিন্তু মার্কিন জিওলজিকেল ছার্ভেৰ ৰিপোর্ট অনুযায়ী, কম্পনৰ মাত্রা আছিল ৭.০। অৱশ্যে তুৰস্কৰ ৰাজধানী ইস্তানবুলত কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।