নিউজ ডেস্কঃ
কেন্দ্ৰৰ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে পাঞ্জাৱৰ পাছত কংগ্ৰেছ শাসিত আন এখন ৰাজ্যই প্ৰস্তাৱ লৈছে৷ ৰাজস্থানৰ অশোক গেহলট চৰকাৰে এই আইনৰ বিৰুদ্ধে প্ৰস্তাৱ লোৱাৰ ইংগিত দিছে৷ মুখ্যমন্ত্রী অশোক গেহলটৰ দাবী, কেন্দ্ৰৰ এই নতুন কৃষি আইন প্ৰকৃততে ক’ৰপ’ৰেটৰ স্বাৰ্থত অনা হৈছে৷ ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে যি প্ৰস্তাৱ আনিবলৈ লৈছে তাত কোৱা হৈছে, ৰাজ্যৰ যি কোনো ব্যক্তিয়ে ন্যূনতম সমর্থন মূল্যতকৈ কম দামত ফচল কিনিলে তেওঁৰ ৫ বছৰ কাৰাবাস হ’ব৷ মন কৰিব লগা যে হাজাৰ বিৰোধিতাৰ সত্বেও শক্তিৰ অভাৱত সংসদত কৃষি আইন বন্ধ কৰিব পৰা নাছিল কংগ্ৰেছে৷
আনহাতে বিৰোধীয়ে ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন জনাইছিল৷ তাতো লাভ নহ’ল৷ ৰাষ্ট্ৰপতিয়ে বিতর্কিত এই বিধেয়কবোৰত চহী কৰে৷ ফলত আইনত পৰিণত হয়৷ ইয়াৰ পাছত দেশৰ বিভিন্ন ঠাইত আন্দোলন আৰম্ভ হয়৷ শেষত কংগ্ৰেছ শাসিত পাঞ্জাৱ চৰকাৰে বিধানসভাৰত তিনিখন বিধেয়ক গৃহীত কৰে৷ নতুন এই আইনবোৰ কেন্দ্ৰৰ কৃষি আইনৰ সম্পূৰ্ণ বিপৰীত ৷ এইবাৰ পাঞ্জাৱৰ পথত আগুৱাইছি ৰাজস্থান ৷