নিউজ ডেস্কঃ
মার্কিন যুক্তৰাষ্ট্ৰত আগন্তুক নির্বাচনৰ সর্বকালৰ ৰেকর্ড ভাঙিছে বৃহত ব্যৱধানত। এই পৰিস্থিতিত কোন দিশে হালিছে আমেৰিকাৰ নির্বাচনী পাল্লা? মূলত আগতীয়া ভোট দিয়া ভোটাৰসকলৰ তথ্য বিশ্লেষণ কৰিয়েই নির্বাচনৰ দিকনির্দেশনা বুজাৰ চেষ্টা কৰিছে বিশেষজ্ঞসকলে। তথ্য অনুযায়ী, এই পর্যন্ত কমপক্ষেও ৮ কোটি ভোটাৰে আগতীয়া ভোট দিছে।
মার্কিন নির্বাচনত ইতিহাস
চলিত ২০২০ চনত মার্কিন ভোটাৰসকলে আগতীয়া ভোট প্রদানৰ নতুন ৰেকর্ড গঢ়িছে। ৰাষ্ট্ৰপতি নির্বাচনত যুক্তৰাষ্ট্রৰ ইতিহাসত এইবাৰেই সর্বোচ্চ সংখ্যাত আগতীয়া ভোট দিছে ভোটাৰসকলে। ২০১৬ চনত যি পৰিমাণৰ ভোটাৰে ভোট দিছিল ইয়াৰ ভিতৰত তাতকৈ শতকৰা ৫৮ ভাগৰ বেছি ভোট পৰিছে। কৰোনা ভাইৰাছ মহামাৰীৰ কাৰণেই এই আগতীয়া ভোট দিয়াৰ জোৰ বুলি মত বিশেষজ্ঞসকলৰ।
আগুৱাই আছে ডেমোক্ৰেট
ইফালে দেখা গৈছে আগাতীয়া ভোটৰ ক্ষেত্রত পঞ্জীভুক্ত ভোটাৰসকলৰ ভিতৰত ৰিপাব্লিকানসকলতকৈ ১৪ শতাংশ বেছি ভোটাৰ আছে ডেমোক্ৰেটৰ। ইফালে মেইল-ইন ভোটক লৈ ট্রাম্পৰ আগতীয়া সতর্কতা উপেক্ষা কৰি ভোটাৰসকলে এই নির্বাচনত অংশ লোৱাটো যে ট্রাম্পৰ বাবে খুব এটা ভাল ইঙ্গিত নহয় তাকো বুজিছে বিশেষজ্ঞসকলে।