ASSAM TIMES POST
চেন্নাইঃ চেন্নাইৰ কাঞ্চীপুৰমৰ দেৱৰাজাশ্বামী মন্দিৰ দৰ্শনৰ ক্ষন্তেক পাছতেই এগৰাকী মহিলাই পুত্ৰ সন্তান প্ৰসৱ কৰাক লৈ সমগ্ৰ দাক্ষিণাত্যত বুধবাৰৰ দিনটোত চৰ্চা অব্যাহত থাকে।
জানিবপৰা মতে প্ৰসৱলৈ কেইবাদিনো বাকী থকাৰ সময়তে বুধবাৰে স্বামীৰ সৈতে মন্দিৰটোত চলি থকা বাৰ্ষিক মাঙ্গলিক কৰ্ম দৰ্শন কৰিবলৈ আহিছিল তেওঁ।
মানুহৰ ভিৰৰ মাজেৰে গৈ প্ৰসূতিগৰাকীয়ে ভগৱানক দৰ্শন কৰি বাহিৰলৈ উলাই আহোতেই পেটৰ বিষ অনুভৱ কৰে। সেয়ে স্বামীয়ে তেওঁক লগে-লগে মন্দিৰটোৰ সমীপতে থকা এটা চিকিৎসা শিৱিৰলৈ লৈ যায়। তাতে তেওঁ এটি পুত্ৰ সন্তান প্ৰসৱ কৰে। নৱজাতকটিও সম্প্ৰতি সুস্থ বুলি জানিব পৰা গৈছে।













