ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ সাংবাদিকসকলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক আঁচনিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাই । আজি সংস্থাৰ তৰফৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে যে সাংবাদিক ফেল’ছিপ বঁটা, সাংবাদিক পেঞ্চন প্ৰদান, সাংবাদিক বীমা আঁচনি প্ৰণয়ন প্ৰস্তুতিৰে অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলক উপকৃত কৰিছে আৰু কৰিব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গ্ৰহণ কৰা প্ৰদক্ষেপক প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰে সন্থাই।
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোবা আৰু সাধাৰণ সম্পাদক ৰাতুল বৰাৰ স্বাক্ষৰ কৰা প্ৰেছ বিবৃতিটোত সাংবাদিক কল্যাণ আঁচনি ৰূপায়নৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে সাংবাদিক পেঞ্চন আঁচনি খনে পৰবৰ্তী বৰ্ষৰ পৰা ২০ পৰা ৩০ গৰাকীলৈ বৃদ্ধি কৰা ব্যৱস্হা গ্ৰহণ কৰি আৰু অধিক সাংবাদিক পৰিয়ালক উপকৃত কৰিবলৈ অনুৰোধ জনায় ।
সেইদৰে সাম্প্ৰতিক সময়ত মূল্যবৃদ্ধিয়ে কোঙা কৰা পৰিবেশৰ লগত খাপ খাব পৰা কৈ বৰ্তমান পেঞ্চনৰ ধনৰ ৮ হাজাৰৰ পৰা ১৫ হাজাৰলৈ বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু মিডিয়া ফিল’চিপ বঁটা ২০ ৰ পৰা ৩০ গৰাকীলৈ বৃদ্ধি কৰি তাৰে এটা অংশ গ্ৰাম্যাঞ্চলত কৰ্মৰত সাংবাদিকৰ বাবে সংৰক্ষণ কৰাৰ বাবেও মুখ্যমন্ত্ৰীক সোনোৱালক অনুৰোধ জনায়।
আনহাতে সন্থাৰ দীৰ্ঘ দিনীয়া দাবী ৰাজহ চক্ৰ পৰ্যায়লৈ সাংবাদিকৰ চৰকাৰী স্বীকৃতি সম্প্ৰসাৰণৰ বিষয়টোৰ বিবেচনা কৰাৰ বাবে চৰকাৰক পুনৰ আহ্বান জনোৱা হৈছে বিবৃতিটোত । উল্লেখ্য যে সাংবাদিকৰ কল্যাণমূলক আঁচনিসমূহ গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰক সম্পূৰ্ণ সযোগিতা আগবঢ়োৱা মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীৰো শলাগ লয় সাংবাদিক সংগঠনটোৱে।













