ASSAM TIMES POST
বোকাখাত: বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাট্যম, বোকাখাতৰ সহযোগত ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে বোকাখাত মহকুমাৰ বিভিন্ন স্থানত আজি ধপাত বিৰোধী বাটৰ নাটৰ সফল প্ৰদৰ্শন কৰা হয়। নুমলীগড়ৰ পৰা আৰম্ভ কৰি বোকাখাত নগৰলৈ এই বৃহৎ অঞ্চলটোৰ বিভিন্ন স্থানত পৰিবেশন কৰা বাটৰ নাটখনিৰ প্ৰতি উপস্থিত বৃহৎ সংখ্যক দৰ্শক ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে অনুষ্ঠানটিৰ অভাৱনীয় সফলতা প্ৰমাণ কৰিলে। ঠায়ে ঠায়ে বাটৰ নাটখনিত অভিনেতা অভিনেত্ৰীৰ লগতে মূৰকত সাধাৰণ ৰাইজেও কৰা অংশগ্ৰহণ এক উল্লেখযোগ্য কথা হৈ পৰিল। বিশেষকৈ বোকাখাত নগৰত বোকাখাত নাট্য মন্দিৰৰ সন্মুখৰ বহু ব্যস্ত অঞ্চলটিত নাটকখনিৰ প্ৰদৰ্শনীৰ সময়ত অভিনেতা অভিনেত্ৰীৰ লগতে সাধাৰণ ৰাইজ বহুলভাৱে লিপ্ত হৈ যোৱাত বোকাখাত যান বাহন আৰক্ষীৰ হস্তক্ষেপ পৰ্যন্ত হোৱা পৰিলক্ষিত হ’ল। নাট্যম, বোকাখাতৰ বেনাৰত প্ৰদৰ্শিত বাটৰ নাটখনিয়ে সাধাৰণ ৰাইজৰ মাজত ধপাত বিৰোধী সজগতাৰ সফল প্ৰচাৰেৰে সমাজলৈ এখনি বাৰ্তাবাহক নাট হিচাপে পৰিগণিত হ’ল। ৰাতুল ফুকন আৰু ৰিতুপন চৌধুৰীৰ পৰিচালনাত প্ৰদৰ্শিত বাটৰ নাটখনিৰ অভিয়ত আছিল বিশিষ্ট নাট্যকৰ্মীবৃন্দ ক্ৰমে ৰাতুল ফুকন, ৰিতুপন চৌধুৰী, পংকজ নাথ, লুইত ভূঞা আৰু শিল্পীশিখা শৰ্মা। নাটখনিৰ ৰচনা আৰু সামগ্ৰিক পৰিকল্পনা কবি নাট্যকাৰ অমৰ শৰ্মাৰ।













