নিউজ ডেক্স:
সমগ্ৰ বিশ্বই যি সঙ্কটৰ মাজেৰে অতিক্ৰম কৰিছে তাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে আগতীয়াকৈ সতর্ক কৰি ৰাখিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই। বিশ্বৰ সকলো দেশকেই সেয়ে পৰৱর্তী অতিমাৰিৰ বাবে সম্পূৰ্ণ প্রস্তুত থাকিবলৈ কয়।
শুক্রবাৰে ৭৩ সংখ্যক বিশ্ব স্বাস্থ্য সন্মিলনত সকলো দেশৰ মুৰব্বীসকলৰ প্রতি এই বার্তা দিয়ে হুই।উল্লেখ্য যে এই বছৰ পৃথক কোনো সন্মিলন অনুষ্ঠিত হোৱা নাই। তাৰ সলনি এটি প্রেছ বিজ্ঞপ্তি হুৰ ৱেবছাইটত প্রকাশ কৰা হৈছে। তাতত সকলো দেশৰ প্রতি হুৰ আবেদন, অতীত আৰু এই পৰিস্থিতিৰ পৰা শিক্ষা লৈ নিজকে আগতীয়াকৈ সাজু কৰাৰ প্রয়োজন আছে।
ভাল স্বাস্থ্য আন্তঃগাঁথনি থাকিলে খুব সহজতেই ছাৰ্ছ আৰু কোভিডৰ সংক্রমণ নিয়ন্ত্রণলৈ আনিব পৰা যায়, সেয়া প্রমাণ হৈ গৈছে। সেয়ে অতিমাৰিক পৰাজিত কৰিবলৈ সকলোতকৈ জৰুৰী স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নতি কৰা। সঠিক পৰিকল্পনা, বিজ্ঞান আৰু প্রযুক্তিক কামত লগাই যিমান সম্ভৱ, সকলোখিনি কৰিব লাগিব বুলি হুই জনাইছে।













